নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত আটাইকেইটা সমষ্টিত বিজেপিৰ বিজয় নিশ্চিত

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ উন্নয়নৰ ক্ষেত্রত ভাৰতবর্ষক ভালেখিনি আগুৱাই নিয়াৰ লগতে উত্তৰ–পূর্বাঞ্চলকো বিশেষ মান্যতা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মোদীৰ আগলৈকে কোনো এগৰাকী প্রধানমন্ত্রীয়ে বিশ্বৰ অন্যান্য দেশত উত্তৰ–পূর্বাঞ্চলৰ বিষয়ে নিজৰ বক্তব্যত স্থান দিয়া নাছিল৷ তেনে এগৰাকী প্রধানমন্ত্রীৰ সুস্বাস্থ্য আৰু দীর্ঘ জীৱনৰ বাবেই দেশজুৰি বিশদিনীয়াকৈ জন্মদিন আয়োজন কৰাটৌ নিশ্চয় গৌৰৱৰ কথা৷– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা সেৱা আৰু সমর্পণ কার্যসূচীৰ অংশ হিচাপে দেওবাৰে ছিপাঝাৰত অনুষ্ঠিত হোৱা কার্যসূচীত অংশ লৈ এই মন্তব্য কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷

উল্লেখ্য যে ছিপাঝাৰৰ খটৰা সত্রত এই উপলক্ষে আয়োজন কৰা হৈছিল স্বচ্ছ ভাৰত কার্যসূচীৰো৷ উক্ত কার্যসূচীত অংশ লৈ কেন্দ্রীয় মন্ত্রী সোণোৱালে প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতবর্ষ উন্নয়নৰ ক্ষেত্রত যথেষ্ট আগবাঢ়ি যোৱা বুলি উল্লেখ কৰে৷ বিশ দিনীয়াকৈ অনুষ্ঠিত সেৱা আৰু সমর্পণ কার্যসূচীৰ জৰিয়তে প্রধানমন্ত্রীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰে৷ প্রধানমন্ত্রীগৰাকীয়ে ‘স্বচ্ছতা হি বিকাশ’ আৰু ‘সবকা সাথ সবকা বিকাশ’ মূলমন্ত্রক সাৰোগত কৰিয়েই বিকাশৰ পথলৈ ভাৰতবাসীক আগুৱাই নিয়া বুলি তেও উল্লেখ কৰে৷

ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু মঙলদৈৰ সাংসদ দিলীপ শইকীয়াসহ হাতত ঝাডু লৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে খটৰা সত্র প্রাংগণত স্বচ্ছ অভিযান ৰূপায়ণ কৰে৷ স্বচ্ছতাই সেৱা বুলি উল্লেখ কৰি গুৰুজনাৰ প্রসংগও উল্লেখ কৰে সর্বানন্দ সোণোৱালে৷ কার্যসূচীৰ অংশ হিচাপে খটৰা সত্র প্রাংগণত এখন সভাও অনুষ্ঠিত হয়৷বিজেপিৰ জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত তথা দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাই আঁত ধৰা সভাখনত আদৰণী বক্তব্য দি ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক বিশেষভাৱে আদৰণি জনাই পথৰুঘাটৰ কৃষক শ্বহীদৰ ঘটনাক ৰাষ্ট্রীয় প্রেক্ষাপটত স্থান দিয়াৰ ক্ষেত্রত পদক্ষেপ ল’বলৈ বিশেষভাৱে আহ্বান জনায়৷ কেন্দ্রীয় মন্ত্রী হিচাপে নির্বাচিত হোৱাৰ পাছত আজিৰ কার্যসূচীত বিশেষভাৱে অংশ লোৱাৰ বাবে সমষ্টিবাসীৰ হৈ জ্ঞাপন কৰে ধন্যবাদ৷

উল্লেখ্য যে দেওবাৰে অনুষ্ঠানত যোগাচার্য দণ্ড প্রতাপ শর্মা, শিক্ষক, সমাজসেৱক সন্তোৰাম চহৰীয়া, সুকন্নানী ওজা–সাধক মহেন্দ্র নাথ আৰু প্রগতিশীল যুৱ খেতিয়ক ধ্রৱজ্যোতি শইকীয়াক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ উল্লেখ্য যে খটৰা সত্রত অনুষ্ঠিত হোৱা সেৱা আৰু সমর্পণ কার্যসূচীত অংশগ্রহণৰ পূর্বে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে পথৰুঘাটৰ কৃষক শ্বহীদ সমাধি ক্ষেত্রত উপস্থিত হৈ অমৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰাৰ লগতে সমাধি ক্ষেত্রত এজোপা গছপুলিও ৰোপণ কৰে৷ তদুপৰি ছিপাঝাৰ মণ্ডল বিজেপিৰ কার্যালয়ত দলীয় কর্মীৰ সৈতে এক মত বিনিময় অনুষ্ঠানতো অংশ লয় সোণোৱালে৷ ইফালে, উপ–নির্বাচনত ভাৰতীয় জনতা পার্টীৰ উন্নয়নৰ পক্ষতে ভোট দিবলৈ ৰাইজ সাজু হৈছে বুলি উল্লেখ কৰি আটাইকেইটা সমষ্টিতে বিজেপিৰ বিজয় নিশ্চিত বুলিও মন্তব্য কৰে কেন্দ্রীয় মন্ত্রী সোণোৱালে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাম–কাজক ভূয়শী প্রশংসা কৰি ড০ শর্মাৰ নেতৃত্বত ৰাজ্যখন যথেষ্ট উন্নয়নৰ ক্ষেত্রত আগবাঢ়ি যোৱা বুলি উল্লেখ কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

You might also like