নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে শীঘ্রে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ৷ দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন ছুপ্রিম ক’ৰ্ট কলেজিয়ামে আঠগৰাকী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ নামত অনুমোদন জনাইছে৷
ইয়াৰ ভিতৰত আছে কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্রাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ জিন্দালৰ নামো৷ লক্ষণীয়ভাৱে পাঁচগৰাকী মুখ্য ন্যায়াধীশক অন্য উচ্চ ন্যায়ালয়লৈ স্থানান্তৰৰ ক্ষেত্রতো কলেজিয়ামে অনুমোদন জনাইছে৷ লক্ষণীয়ভাৱে কলেজিয়ামৰ এই সিদ্ধান্তৰ কথা উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হৈছে৷