ফলাফলৰ আশাৰ পৰিৱর্তে ইতিবাচক দিশেৰে কাম কৰিব চৰকাৰে
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ আলফা (স্বাধীন)ৰে আলোচনা সন্দর্ভত ফলাফলৰ আশাৰ পৰিৱর্তে চৰকাৰে ইতিবাচক দিশেৰে কাম কৰি যাব৷ – এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফা (স্বাধীন)ৰে আলোচনা এটা টান বিষয়৷ বিষয়টোক লৈ আশাবাদীও হ’ব লাগে আৰু নিৰাশাবাদীও হ’ব নালাগে৷ নিউট্রেল গিয়েৰেৰে আগবাঢ়িব লাগে৷ ফলাফলৰ আশা কৰিব নালাগে৷ দুয়োটা পক্ষৰ মাজতে কিছু এৰাব নোৱাৰা স্থিতি আছে৷ সেয়ে চৰকাৰে ফলাফলৰ আশা নকৰি ইতিবাচক দিশেৰে কাম কৰি যাব৷
আনহাতে ৰাজ্যখনত নতুন উগ্রপন্থী সংগঠনৰ আত্মপ্রকাশৰ প্রসংগত তেওঁ কয়– নতুন সংগঠনসমূহো মূলসুঁতিলৈ আহি আছে৷ মই টাচত আছোঁ৷ একেদৰে মুখ্যমন্ত্রীৰ শেহতীয়া ডিমাপুৰ ভ্রমণ সম্পর্কত তেওঁ কয় যে সেয়া সম্পূর্ণৰূপে ৰাজনৈতিক কাম৷ এন পি এফ, এন ডি পি পিৰ লগত বিজেপিৰ মিত্রতাৰ কথা চলি আছে৷ তাৰ বাবেহে তেওঁ ডিমাপুৰলৈ গৈছে৷ এন এছ চি এনৰ লগত আলোচনা সম্পর্কীয় কাম–কাজ আনে চলাই আছে৷ তাৰ সৈতে তেওঁৰ ডিমাপুৰ যাত্রাৰ সম্পর্ক নাই৷