গৰুখুঁটি প্রকল্পত পুনৰ আৰম্ভ কৃষিকর্ম সিঁচিলে মাটিমাহৰ বীজ
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ হিংসাই জোকাৰি যোৱা ছিপাঝাৰৰ গৰুখুঁটি–ধলপুৰ অঞ্চলৰ পৰিস্থিতি এতিয়া স্বাভাৱিক হৈছে৷ চৰকাৰী বেদখলীকৃত ভূমি উচ্ছেদৰ বাবে যোৱা আৰক্ষী আৰু বেদখলকাৰীৰ মাজত সংঘটিত আক্রমণ–প্রত্যাক্রম ভিন্ন ৰাজনৈতিক দলৰ নেতাই ভিন্নভাৱে বিশ্লেষণ আগবঢ়াই বিষয়টো ‘গৰম’ কৰি ৰাখিলেও গৰুখুঁটি কৃষি প্রকল্পত কালিৰে পৰা পুনৰ আৰম্ভ হৈছে স্বাভাৱিক কাম–কাজ৷ চৰকাৰী কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত সম্পূর্ণ শান্তিপূর্ণ পৰিৱেশৰ মাজত চলিছে প্রকল্পৰ কাম–কাজ৷ নির্ভয়ে–নিঃসংকোচে কৃষি প্রকল্পত নিয়োজিত যুৱক–যুৱতী ব্যস্ত হৈ পৰিছে কৃষিকার্যত৷
মাত্র দুটা দিন পূর্বে যি স্থানত সংঘটিত হৈছিল হিংসাত্মক ঘটনা, সেই স্থানৰ গাতে লাগি থকা ভূমিত আজি সিঁচা হ’ল মাটিমাহৰ বীজ৷ পিছে কেৱল যুৱকসকলেই নহয়, গৰুখুঁটিৰ কৃষি প্রকল্পত আজি পুনৰ ড্রেক্টৰৰ চকা ঘূৰালে যুৱতীয়েও৷ কৃষি প্রকল্পৰ কাম–কাজৰ বাবে বিশ্বনাথ চাৰিআলিত বিশেষভাৱে প্রশিক্ষণ গ্রহণ কৰা ২৮ ট্রেক্টৰচালকৰ যি পাঁচগৰাকী মহিলা চালক আছিল, তেওঁলোককো দেখা গ’ল মাটি চহোৱা কামত৷ কোনো দ্বিধাবোধ নোহোৱাকৈয়ে সকলোৱে এফালৰ পৰা লাগি পৰিছে কৃষিকার্যত৷
ইফালে কৃষি প্রকল্পত নিয়োজিত যুৱক–যুৱতীসকলৰ স্পষ্ট কথা– ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যি সপোন লৈ গৰুখুঁটি কৃষি প্রকল্পৰ কাম–কাজ আগবঢ়াই লৈ গৈছে, তাক আমি সফল কৰি তুলিমেই৷ কোনো ধৰণৰ অপশক্তি আৰু বিক্ষিপ্ত ঘটনাই স্থবিৰ কৰিব নোৱাৰে কৃষি প্রকল্পৰ কাম–কাজ৷’ লক্ষণীয় যে দুটা দিন পূর্বে চৰকাৰৰ উচ্ছেদ অভিযানৰ সময়ত চলা বিক্ষিপ্ত ঘটনাৰ পাছত ছিপাঝাৰৰ খিলঞ্জীয়া ৰাইজ কৃষি প্রকল্পক লৈ উদ্বিগ্ণ হৈ আছিল যদিও দৰঙৰ আৰক্ষী আৰু প্রশাসনে নিশাটোৰ ভিতৰতেই পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয়৷ কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকায়ো প্রতিটো মুহূর্ততে দৃঢ়তাৰে প্রকল্পৰ কাম–কাজ বিঘ্ণিত কৰিব খোজা অপশক্তিক হুংকাৰ দিয়েই আহিছিল৷
কোনো শক্তিয়েই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সপোনৰ এই প্রকল্পকবাধা দিব নোৱাৰে বুলি দোহাৰি কৃষিভূমিৰ পৰাই তেওঁ পুনৰ স্পষ্ট কৰি দিয়ে– ‘মুখ্যমন্ত্রীয়ে কৃষি প্রকল্পৰ বাবে যি দায়িত্ব অর্পণ কৰিছিল, সেয়া সফল কৰি তুলিমেই৷’ ছিপাঝাৰৰ বৃহত্তৰ গৰুখুঁটি–ধলপুৰ অঞ্চলৰ পৰাই সংগঠিত কৃষি বিপ্লৱৰ জৰিয়তে আত্মসংস্থাপনৰ এক বিপ্লৱ আৰম্ভ হোৱাৰ লগতে গাখীৰ–মাছ–মাংস–ক আৰু জৈৱিক পাচলি উৎপাদনৰ এক ক্ষেত্র হিচাপে বৃহত্তৰ অঞ্চলটোক প্রতিষ্ঠা কৰাৰ সংকল্পও দোহাৰে চতিয়া সমষ্টিৰ বিধায়ক হাজৰিকাই৷ গৰুখুঁটি বেদখলমুক্ত হ’বই আৰু জিলা প্রশাসনে এই ব্যৱস্থা গ্রহণ কৰিব বুলিও দৃঢ়তাৰে মত পোষণ কৰে তেওঁ৷
ইফালে বিধায়ক হাজৰিকাৰ নেতৃত্বত ৰূপায়ণ হৈ থকা কৃষি প্রকল্পটো শনিবাৰে পর্যবেক্ষণ কৰিবলৈ ধলপুৰত আহি উপস্থিত হয় অসম চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকা৷ কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকা, সদস্য তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাসসহ মন্ত্রী হাজৰিকাই কৃষি প্রকল্পৰ কাম–কাজ স্বচক্ষে প্রত্যক্ষ কৰাৰ লগতে সেই সময়ত কর্তব্যত নিয়োজিত যুৱক–যুৱতী আৰু কৃষি বিভাগৰ কর্মচাৰীৰ লগতো আলোচনাত মিলিত হয়৷
মন্ত্রী হাজৰিকাৰ স্পষ্ট কথা– ‘এতিয়াৰে পৰা মন গ’লেই চৰকাৰী ভূমি কোনেও দখল কৰিব নোৱাৰিব৷’ সকলো বেদখল উচ্ছেদ হ’বই বুলি মন্তব্য কৰি গৰুখুঁটি কৃষি প্রকল্প সঠিকভাৱে আগবঢ়াই নিয়াৰ কথাও উল্লেখ কৰে মন্ত্রী হাজৰিকাই৷
উল্লেখ্য যে শনিবাৰে মন্ত্রী হাজৰিকাৰ ভ্রমণকালত দৰঙৰ উপায়ুক্ত প্রভাৱতী থাওছেন, অতিৰিক্ত উপায়ুক্ত পংকজ ডেকাকে ধৰি জিলা প্রশাসনৰ বিষয়াবর্গই সহযোগিতা আগবঢ়ায়৷