নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰিৰ অন্যতম অভিযুক্ত বর্তমানো পলাতক অৱস্থাত থকা এ পি ডি চি এলৰ চি জি এম আতাউৰ ৰহমানকে ধৰি কেলেংকাৰিটোত গ্রেপ্তাৰৰ আশংকা কৰা একাংশই সম্প্রতি আদালতৰ পৰা আগতীয়া জামিন লোৱাৰ বাবে ব্যাপক তৎপৰতা চলাই আছে৷ অতি গোপনে সেইসকল লোকে আগতীয়া জামিন লাভৰ বাবে ইতিমধ্যে অধিবক্তাৰ সৈতে যোগাযোগ কৰাৰ বিষয়ে জানিব পৰা গৈছে৷
উল্লেখ্য যে এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষাৰ এই কেলেংকাৰি সম্পর্কত ভিজিলেঞ্চত এটা গোচৰ ৰুজু হৈছে৷ এই গোচৰৰ ভিত্তিতে ইতিমধ্যে এ পি ডি চি এল, এ ই জি চি এল, এ পি জি চি এলৰ অ’এছ ডি দীপাংকৰ দিহিঙীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিপ শর্মা, নেইকমৰ কংকণ শর্মা, কৌশিক দাস, বিশ্বজিৎ বর্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা, ফাৰহা আলম, বেবিলন কাকতিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ গোচৰটোৰ মুখ্য অভিযুক্ত এ পি ডি চি এলৰ চি জি এম আতাউৰ ৰহমান এতিয়াও পলাতক অৱস্থাত আছে৷ তদুপৰি আন একাংশ লোকো এই গোচৰটোত সাঙোৰ খাই পৰাৰ সম্ভাৱনা আছে৷ গ্রেপ্তাৰৰ আশংকাত ভোগা সেইসকলেও এতিয়া আগতীয়া জামিনৰ বাবে ব্যাপক তৎপৰতা চলাই আছে৷