নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো শিক্ষানুষ্ঠানত পাঠদানৰ অনুমতি

শিক্ষা বিভাগৰ নতুন এছ’পি জাৰি

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যায়ক্রমে উন্নীত হোৱাৰ লগে লগে প্রায়বোৰ খণ্ডতে চৰকাৰে প্রদান কৰিছে শিথিলতা৷ সান্ধ্য আইনৰ সময় হ্রাস কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহ পর্যায়ক্রমে খোলাৰো সিদ্ধান্ত গ্রহণ কৰিছিল ৰাজ্য চৰকাৰে৷ বিগত ১৫ দিন ধৰি একেৰাহে ৰাজ্যৰ ক’ভিড আক্রান্তৰ হাৰ এক শতাংশৰ তললৈ অৱনমিত হোৱাৰ বাবে ৰাজ্যৰ সকলো পর্যায়ৰ শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

অসম চৰকাৰৰ শিক্ষা বিভাগে মঙলবাৰে প্রকাশ কৰা নতুন এছ’পি অনুসৰি, প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণী আৰু একাদশ শ্রেণীৰ পাঠদান ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ সেইদৰে নৱম শ্রেণীৰ পাঠদান অহা এক অক্টোবৰৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি আজি প্রকাশ কৰা হৈছে৷ তদুপৰি স্নাতকোত্তৰ, স্নাতকৰ সকলো শ্রেণী, বিশ্ববিদ্যালয় আৰু কাৰিকৰী প্রতিষ্ঠানসমূহৰ সকলো শ্রেণী, বি. এড. কলেজৰ পাঠদানো এক অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব৷ ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্রতিষ্ঠানৰ ক্ষেত্রত এই নতুন এছ অ’ পি প্রযোজ্য হ’ব৷

অৱশ্যে ক’ভিড প্রট’কল মানিহে শিক্ষানুষ্ঠানসমূহে আৰম্ভ কৰিব পাঠদান৷ নিয়মীয়া পাঠদান আৰম্ভ হ’লেও শিক্ষানুষ্ঠানসমূহে অব্যাহত ৰাখিব লাগিব মানসম্পন্ন অনলাইন ক্লাছ৷ শাৰীৰিকভাৱে শিক্ষানুষ্ঠানত শিক্ষার্থীসকলৰ উপস্থিতি বাধ্যতামূলক নহয়৷ যিসকল শিক্ষার্থীয়ে শাৰীৰিকভাৱে বিদ্যালয়ত উপস্থিত থাকিবলৈ আগ্রহী নহয়, তেওঁলোকৰ বাবে অব্যাহত ৰাখিব লাগিব মানসম্পন্ন ভার্চুৱেল শিক্ষা৷

উল্লেখ্য যে প্রতিটো পর্যায়ৰ শিক্ষানুষ্ঠানৰ বাবে সুকীয়াকৈ প্রকাশ কৰা হৈছে সাধাৰণ নিয়মাৱলী৷ প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদানসমূহ সপ্তাহত তিনি দিনকৈ অনুষ্ঠিত হ’ব৷ প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ সোমবাৰ, বুধ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব৷ সেইদৰে চতুর্থ আৰু পঞ্চম শ্রেণীৰ পাঠদান হ’ব প্রতি সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে৷ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে শ্রেণীসমূহৰ সময়সূচী, মধ্যাহ্ণ ভোজন প্রদান, ক’ভিড প্রট’কল মানি চলা আদি বিষয়সমূহ নিৰীক্ষণ কৰিব লাগিব৷ নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ ক্ষেত্রত পৰৱর্তী নির্দেশনা নিদিয়া পর্যন্ত খুলিব নোৱাৰিব হোষ্টেলসমূহ৷ প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রত শিক্ষার্থীৰ উপস্থিতি বাধ্যতামূলক নহয় আৰু সম্পূর্ণৰূপে অভিভাৱকৰ সন্মতিৰ ওপৰত নির্ভৰশীল৷ বিদ্যালয়সমূহে কোনোধৰণৰ আনুষ্ঠানিক অথবা অনানুষ্ঠানিক সভা, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷ নিম্ন প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রত প্রতিটো শাখাত সর্বাধিক ৩০জন শিক্ষার্থীকহে পাঠদান কৰিব পাৰিব৷ অতিৰিক্ত শিক্ষার্থীৰ বাবে সুকীয়া শাখাৰ ব্যৱস্থা কৰিব পাৰিব৷

আনহাতে, ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ নিয়মীয়া পাঠদান অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ’ব৷ এই শ্রেণীসমূহৰ ক্ষেত্রতো সপ্তাহত তিনি দিনকৈ পাঠদান অনুষ্ঠিত কৰা হ’ব৷ ষষ্ঠ শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে কৰিব লাগিব৷ প্রতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে সপ্তম শ্রেণীৰ পাঠদান হ’ব৷ একেদৰে বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে অষ্টম শ্রেণীৰ পাঠদান হ’ব৷ উচ্চ প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রতো পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত খুলিব নোৱাৰিব আৱাসিক হোষ্টেল৷ এই শ্রেণীসমূহতো শিক্ষার্থীৰ উপস্থিতি বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ সন্মতিসাপেক্ষেহে শ্রেণীত উপস্থিত থাকিব পাৰিব৷ মাধ্যমিক বিদ্যালয়সমূহৰ ক্ষেত্রত নৱম শ্রেণীৰ পাঠদান অহা এক অক্টোবৰৰ পৰা আৰু একাদশ শ্রেণীৰ পাঠদান অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ এই দুয়োটা শ্রেণীৰ পাঠদান নিয়মীয়াকৈ কৰিব পাৰিব৷

ইতিমধ্যে আৰম্ভ হোৱা দ্বাদশ আৰু দশম শ্রেণীৰ পাঠদান নিয়মীয়াভাৱে দৈনিক অব্যাহত ৰাখিব লাগিব৷ মাধ্যমিক বিদ্যালয়সমূহৰ ক্ষেত্রত দশম আৰু দ্বাদশ শ্রেণীৰ বাহিৰে আন শিক্ষার্থীৰ বাবে হোষ্টেলৰ সুবিধা উপলব্ধ নহ’ব৷ এই শ্রেণীসমূহৰ ক্ষেত্রতো উপস্থিতি বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ সন্মতিসাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব৷ ইপিনে, স্নাতক মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক, শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ বাবেও কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে৷ এই শিক্ষানুষ্ঠানসমূহৰ পাঠদান দৈনিক অনুষ্ঠিত হ’ব৷ অহা এক অক্টোবৰৰ পৰা পাঠদান আৰম্ভ কৰিব পাৰিব এই শিক্ষানুষ্ঠানসমূহে৷ এই শিক্ষানুষ্ঠানসমূহতো চূড়ান্ত বর্ষৰ শিক্ষার্থীৰ বাহিৰে আন শিক্ষার্থীৰ বাবে হোষ্টেলৰ সুবিধা উপলব্ধ নহ’ব৷

উল্লেখ্য যে আৱাসিক স্কুল আৰু দিবা, ব’র্ডিং স্কুলসমূহৰ হোষ্টেলসমূহ কেৱল দশম, দ্বাদশ, স্নাতকৰ চূড়ান্ত বর্ষ, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বর্ষ আৰু অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাবেহে খুলিব পাৰিব৷ শিক্ষানুষ্ঠানসমূহত শ্রেণীৰ এটা শাখাত সর্বাধিক ৩০জন শিক্ষার্থীহে থাকিব পাৰিব৷ অতিৰিক্ত শিক্ষার্থীৰ বাবে সুকীয়া শাখাৰ ব্যৱস্থা কৰিব লাগিব৷ শিক্ষানুষ্ঠানসমূহে প্রথম তিনি দিন কেৱল শিক্ষক আৰু কর্মচাৰীসকলক ভেকচিন প্রদানৰ বাবে খুলিব পাৰিব আৰু নিয়মীয়া পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ কৰিব লাগিব৷ প্রতি সপ্তাহত শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰাৰ লগতে ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলিব লাগিব৷ বিদ্যালয় কর্তৃপক্ষই প্রতিদিনে প্রথম সপ্তাহত অন্ততঃ এটা শ্রেণীত ক’ভিড সম্পর্কীয় সজাগতা আৰু প্রট’কলসমূহৰ বিষয়ে শিক্ষার্থীসকলক অৱগত কৰিব লাগিব৷ বিদ্যালয় খোলাৰ পূর্বে শিক্ষক আৰু কর্মচাৰীসকলক সজাগ কৰিব লাগিব৷ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আৰু শিক্ষানুষ্ঠানত সামাজিক দূৰত্ব মানি চলিব লাগিব৷ বিদ্যালয়ত প্রৱেশ কৰাৰ সময়ত শিক্ষার্থীসকলৰ শৰীৰৰ উত্তাপ প্রতিদিনে জোখাৰ ব্যৱস্থা কৰিব লাগিব৷

কোনো শিক্ষার্থী জ্বৰ, কাহ, চর্দিত আক্রান্ত হ’লে তেনে শিক্ষার্থীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে সমীপৱর্তী স্বাস্থ্য কেন্দ্রৰ সৈতে যোগাযোগ কৰিব লাগিব বিদ্যালয় কর্তৃপক্ষই৷ কোনো বিদ্যালয়ত ক’ভিড পজিটিভ ধৰা পৰিলে সংশ্লিষ্ট কর্তৃপক্ষই তাৎক্ষণিকভাৱে চৰকাৰী স্বাস্থ্য কেন্দ্র অথবা ৰাজহ চক্র বিষয়াক অৱগত কৰিব লাগিব৷ পৰৱর্তী দিনটোত কেৱল শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীসকলৰ ক’ভিড টেষ্টৰ বাবে শিক্ষানুষ্ঠান খুলিব পাৰিব৷ প্রতিখন শিক্ষানুষ্ঠানত হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা থাকিব লাগিব৷ সঠিকভাৱে মাস্ক পৰিধান কৰা, ছেনিটাইজ কৰা, সামাজিক দূৰত্ব মানি চলা আদি বিষয়ত শিক্ষার্থীসকলক সজাগ কৰিব লাগিব৷ এই এছ’পি কঠোৰভাৱে বলৱৎ কৰাৰ বাবে উপায়ুক্তৰ অধ্যক্ষতাত জিলা পর্যায়ৰ টাস্ক ফ’চ গঠন কৰিব লাগিব৷

কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা শিক্ষানুষ্ঠানসমূহ সঠিকভাৱে ছেনিটাইজ কৰাৰ পিছতহে নিয়মীয়া পাঠদান আৰম্ভ কৰিব পাৰিব৷ কণ্টেইনমেণ্ট জ’নৰ ভিতৰত থকা শৈক্ষিক প্রতিষ্ঠানসমূহ চৰকাৰী নির্দেশনা নোপাৱা পর্যন্ত খুলিব নোৱাৰিব৷ এখন শিক্ষানুষ্ঠানত কেইবাজনো ক’ভিড পজিটিভ ধৰা পৰিলে তাৎক্ষণিকভাৱে তেনে শিক্ষানুষ্ঠানসমূহ সম্পূর্ণৰূপে এসপ্তাহৰ বাবে বন্ধ ৰাখিব লাগিব৷ এনে শিক্ষানুষ্ঠানসমূহৰ সম্পূর্ণ চৌহদ, ডেস্ক, বেঞ্চ, টয়লেট আদি ছেনিটাইজ কৰিব লাগিব৷ সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তৰ অনুমতিসাপেক্ষেহে এনে বিদ্যালয়সমূহ এসপ্তাহৰ পিছত পুনৰ খুলিব পাৰিব৷ স্কুলবাছসমূহত সামাজিক দূৰত্ব মানি চলাৰ লগতে প্রতিদিনেই দুবাৰকৈ ছেনিটাইজ কৰিব লাগিব৷ যিসমূহ শিক্ষা প্রতিষ্ঠানত পানীৰ উপযুক্ত সা–সুবিধা নাই, তেনে বিদ্যালয়সমূহ এক অক্টোবৰ আৰু ১৯ অক্টোবৰৰ পৰা খুলিব নোৱাৰিব৷ এইক্ষেত্রত সংশ্লিষ্ট জিলা উপায়ুক্তই সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷

গর্ভৱতী মহিলা আৰু তিনি বছৰ তলৰ সন্তান থকা শিক্ষয়িত্রী আৰু মহিলা কর্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰাৰ সুবিধা লাভ কৰিব৷ শৈক্ষিক প্রতিষ্ঠানসমূহৰ শিক্ষক আৰু কর্মচাৰীসকলে এটা পালি হ’লেও ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক৷ কর্তব্যত যোগদানৰ পূর্বেই তেওঁলোকে ভেকচিন ল’ব লাগিব৷ শিক্ষানুষ্ঠানসমূহত শিক্ষার্থীসকল শ্রেণীকোঠাত বহাৰ ক্ষেত্রত ক’ভিড প্রট’কল আৰু সামাজিক দূৰত্ব মানি আসনৰ ব্যৱস্থা কৰিব লাগিব৷ শিক্ষানুষ্ঠানসমূহত শিক্ষার্থীসকলে অভিভাৱকৰ আপত্তিবিহীন প্রমাণ–পত্র প্রদান কৰিব লাগিব৷ কোনো বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ে কোনোধৰণৰ অনুষ্ঠান, উৎসৱ–পার্বণ পালন আদি কৰিব নোৱাৰিব৷ প্রাথমিক পর্যায়ৰ শিক্ষানুষ্ঠানসমূহত মধ্যাহ্ণ ভোজন বিতৰণৰ বাবেও সুকীয়া নির্দেশনা প্রদান কৰা হৈছে৷ প্রতিখন বিদ্যালয়ত দিনৰ ১২.১৫ বজাৰ পৰা ১২.৪৫ বজাৰ ভিতৰত মধ্যাহ্ণ ভোজন যোগান ধৰিব লাগিব৷ ৰান্ধনি আৰু সহায়িকাসকল যাতে ক’ভিড পজিটিভ নহয়, সেয়া জিলা অথবা ব্লক প্রশাসনে নিশ্চিত কৰিব লাগিব৷ ৰান্ধনি–সহায়িকসকলে ৪০ ছেকেণ্ডৰ মূৰে মূৰে বিদ্যালয়ত প্রৱেশৰ পিছত হাত ছেনিটাইজ কৰিব লাগিব৷ সেইদৰে চাফ–চিকুণকৈ ৰাখিব লাগিব ৰান্ধনিঘৰসমূহ৷ উল্লেখ্য যে স্বাস্থ্য বিভাগৰ যাৱতীয় অনুমোদন লাভ কৰাৰ পিছতে ৰাজ্যত শিক্ষানুষ্ঠানসমূহত পুনৰ পাঠদান আৰম্ভ কৰা হৈছে৷ দশম, দ্বাদশ, স্নাতক–স্নাতকোত্তৰ চূড়ান্ত বর্ষ, কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ চূড়ান্ত বর্ষৰ পাঠদান যোৱা ৬ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে৷

You might also like