নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত বেদখলকাৰীৰ কবলত ডেৰ লক্ষাধিক বিঘা ভূমি

ছিপাঝাৰৰ গৰুখুঁটি প্রকল্পত কৃষিমন্ত্রী অতুল বৰা

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ বান–খহনীয়া আদিৰ অজুহাতত বিশ্বনাথত বেদখলকাৰীৰ দ্বাৰা কুক্ষিগত হৈছে জিলাখনৰ চৰকাৰী ভূমিৰ সিংহভাগ৷ তাৎপর্যপূর্ণ যে বিশ্বনাথ জিলা বাদেই কেৱল বিশ্বনাথ ৰাজহ চক্রতে চৰকাৰী ভূমিৰ বেদখলৰ পৰিমাণ প্রায় ৭৭ শতাংশৰ অধিক৷ বিশ্বনাথ ৰাজহ চক্রৰ সাধাৰণ চৰকাৰী মাটি, গোপচাৰ মাটি, ব্যৱসায়িক গোপচাৰসহ মুঠ ৪৯,০৮২ বিঘা ভূমিৰ ভিতৰত ৩৭,৯৫১ বিঘাতকৈ অধিক ভূমি এতিয়া বেদখলকাৰীৰ কবলত৷ জিলাৰ চাৰিওদিশে থকা কেতবোৰ নির্দিষ্ট অঞ্চলৰ চৰকাৰী ভূমি আছে যদিও খালী হৈ থকা নাই৷ কার্যতঃ নগৰখনৰ আশে–পাশেহে মাত্র কিছু চৰকাৰী ভূমি খালী হৈ আছে৷

বিশ্বনাথ ৰাজহ চক্রত ২০০৫ চনৰ তথ্য জনাৰ আইনৰ অধীনত জনোৱা আবেদনৰ ভিত্তিত লাভ কৰা তথ্যই কার্যতঃ স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে৷ প্রাপ্ত তথ্য মতে, বিশ্বনাথ ৰাজহ চক্রৰ অন্তর্গত ১নং কুমলীয়া ৰাজহ গাঁৱৰ সাধাৰণ চৰকাৰী মাটি ১,৩৮৭ বিঘা, ভিজিআৰ ১৭ বিঘা ভূমিৰ সকলো বেদখল হোৱাৰ বিপৰীতে সাধাৰণ শ্রেণীৰ মাটি ১,২০০ বিঘা বেদখল হৈ আছে৷ একেদৰে বাঘমৰা মৌজাৰ ২নং বৰজাৰণিৰ ১,৪৭৭ বিঘা ভূমিৰ ভিতৰত ১,৩২৭ বিঘা ভূমিয়েই আগ্রাসনৰ কবলত৷ ইফালে তথ্য জনাৰ আইনৰ অধীনত জনৈক কলিতাৰ আবেদনৰ ভিত্তিত বিশ্বনাথ ৰাজহ চক্রই প্রেৰণ কৰা তথ্য অনুসৰি, ৪নং চালিয়া ৰাজহ গাঁৱৰ ৫৫১ বিঘা চৰকাৰী ভূমিৰ ভিতৰত ৫৪৪ বিঘা বেদখলকাৰীৰ কব্জাত আছে৷ একেদৰে ৩নং চালিয়াৰ সাধাৰণ চৰকাৰী ভূমিৰ ১,৫১৩ বিঘাৰ ভিতৰত ১,৩৮৪ বিঘা ভূমিত বেদখলকাৰীয়ে ঘৰ আদি নির্মাণ কৰি গোজেই গজালি হৈ পৰাৰ অভিযোগ উঠিছে৷

তদুপৰি ১নং চালিয়া ৰাজহ গাঁৱৰ ৪৬৪ বিঘা ভূমিৰ ভিতৰত ৪৫৮ বিঘা ভূমিয়েই বেদখল হৈ আছে৷ ঘাইকৈ সংখ্যালঘুপ্রধান এলেকাত চলি থকা বেদখল সন্দর্ভতো কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইফালে, বিশ্বনাথ জিলাত প্রায় ১,৬৬,৭১২ বিঘা ভূমি বেদখলকাৰীৰ দখলত থকাৰ তথ্য ইতিমধ্যে সামাজিক মাধ্যমতো বিয়পি পৰিছে৷ বিশ্বনাথ জিলাত উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নির্দেশনা থকাৰ পিছতো গোপচাৰৰ ভূমিত বেদখল অব্যাহত আছে৷ বহু দালালক ম্যাদী পট্টাৰ ভূমি বিক্রী কৰি গোপচাৰৰ ভূমি বেদখল কৰাটো নামিছে একাংশ৷ বিশ্বনাথ জিলাত কেৱল সংখ্যালঘু এলেকাতে নহয় আন কেতবোৰ এলেকাতো বহু আঢ়্যৱন্ত ব্যক্তিয়ে চৰকাৰী ভূমি কুক্ষিগত কৰাৰ অভিযোগ আছে৷ চৰকাৰী কার্যালয়, অন্যান্য অনুষ্ঠান–প্রতিষ্ঠান স্থাপনৰ ক্ষেত্রত ভিজিআৰ, পিজিআৰ আদি ভূমিৰ ব্যতিৰেকে সাধাৰণ চৰকাৰী ভূমিৰ প্রয়োজন যদিও বেদখলকাৰীৰ আগ্রাসনৰ ফলত চৰকাৰী কার্যালয় আদি স্থাপনৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি হৈছে৷
ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্রকল্পত উপস্থিত মন্ত্রী অতুল বৰা
চৰকাৰী ভূমিৰ অবৈধ দখল উচ্ছেদক লৈ ছিপাঝাৰৰ গৰুখুঁটিত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্র কৰি সৃষ্টি হোৱা পৰিৱেশ এতিয়া সম্পূর্ণ স্বাভাৱিক হৈ পৰিছে যদিও ধলপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ‘গৰুখুঁটি কৃষি প্রকল্প’ পর্যবেক্ষণ কৰিবলৈ মঙলবাৰে উপস্থিত হয় কৃষিমন্ত্রী অতুল বৰা৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত চলি থকা কৃষি প্রকল্পস্থলীত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে ইয়াৰ কাম–কাজৰ বুজ লোৱাৰ লগতে ধলপুৰৰ আইন–শৃংখলা পৰিস্থিতি সন্দর্ভতো আৰক্ষীৰ শীর্ষ পর্যায়ৰ বিষয়াৰ লগত মিলিত হয় আলোচনাত৷ আনহাতে ধলপুৰৰ চৰকাৰী ভূমিৰ উচ্ছেদক লৈ একাংশ দল–সংগঠনে সাম্প্রদায়িকতাৰ চছ্মা পিন্ধি দিয়া বিভিন্ন মন্তব্যত উদ্বিগ্ণতা প্রকাশ কৰে মন্ত্রী অতুল বৰাই৷

বিশেষকৈ অসমৰে একাংশ দল–সংগঠনে পাকিস্তানৰ সুৰত সুৰ মিলাই গৰুখুঁটি কাণ্ডৰ প্রতিক্রিয়া প্রকাশ কৰাটো অসমবাসীয়ে লক্ষ্য ৰাখিছে বুলি মন্তব্য কৰি এয়া অত্যন্ত দুর্ভাগ্যজনক বুলি প্রকাশ কৰে৷ অৱশ্যে যিয়েই যেনেকৈ মন্তব্য নিদিয়ক কিয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সপোনৰ এই কৃষি প্রকল্পক কোনেও বাধা দিব নোৱাৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰি চৰকাৰী ভূমি উচ্ছেদৰ ক্ষেত্রত চৰকাৰে চৰকাৰৰ কাম কৰি যাব বুলিও মন্তব্য কৰে৷ ১৯৮৩ চনত ধলপুৰৰ এই অঞ্চলতে অবৈধ এই বেদখলকাৰীয়েই বহুকেইগৰাকী খিলঞ্জীয়া লোকক হানি–খুঁচি হত্যা কৰা বুলি উল্লেখ কৰে অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে৷ চৰকাৰে কেৱল ধলপুৰতেই নহয় অন্যান্য ঠাইসমূহতো চৰকাৰী নিয়ম অনুসৰি উচ্ছেদ চলাব বুলিও প্রকাশ কৰে৷

ইফালে, মন্ত্রীগৰাকীৰ উপৰি ধলপুৰত আজি আইন–শৃংখলা পর্যবেক্ষণৰ বাবে উপস্থিত হয় আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্রধান জি পি সিং৷ গৰুখুঁটিৰ কৃষি প্রকল্প পর্যবেক্ষণৰ সমান্তৰালকৈ মন্ত্রী অতুল বৰা, কৃষি সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকা, জি পি সিং, দৰঙৰ উপায়ুক্ত প্রভাৱতী থাওছেন আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা এক বৈঠকতো মিলিত হয়৷ ধলপুৰৰ সামগ্রিক পৰিৱেশ বিশ্লেষণ কৰাৰ পিছত বিশেষ আৰক্ষী সঞ্চালকপ্রধানগৰা প্রকাশ কৰা মতে, ধলপুৰত এতিয়া শান্তিপূর্ণ পৰিৱেশ আৰু জিলা প্রশাসনে কৃষি প্রকল্পৰ বাবে প্রয়োজনীয় ভূমি উচ্ছেদৰ জৰিয়তে মুকলি কৰি দিব৷ কৃষি প্রকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই প্রকাশ কৰা মতে, পথাৰ এতিয়া আমাৰ হাতলৈ আহিল আৰু দুই–তিনি মাহৰ ভিতৰত ইয়াৰ উৎপাদিত ফচলে দখল কৰিব বজাৰো৷

ইফালে, কৃষি প্রকল্পৰ কাম–কাজ পূর্ণোদ্যমে চলি থকাৰ মাজতে মঙলবাৰে ধলপুৰৰ উচ্ছেদিতৰ ওচৰত থিয় দিয়ে জমিয়ত উলেমা, জামাত–ই–ইছলামী হিন্দ আৰু ইউ ডি এফৰ এটা প্রতিনিধি দল৷ বিধায়ক মজিবুৰ ৰহমান, হাফিজ ৰফিকুল ইছলাম, বছিৰ কাছিমীৰ লগতে জামাত–ই–ইছলামীৰ কেন্দ্রীয় উপ–সভাপতি চৈয়দ আমিনুল হাছান আৰু জমিয়তৰ কেন্দ্রীয় সম্পাদক ছফী মাদানীসহ ধলপুৰত উপস্থিত হোৱা প্রতিনিধি দলটোৱে চৰকাৰৰ কার্যক সমালোচনা কৰাৰ লগতে উচ্ছেদিতসকলক তির্পাল আৰু খোৱাপানীৰ বাবে দমকলৰ ব্যৱস্থা কৰি দিয়ে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা৷ তদুপৰি উচ্ছেদিত পৰিয়ালৰ মাজত খোৱা সামগ্রীও বিতৰণ কৰে৷

আনহাতে উক্ত ঘটনাত আহত হৈ চিকিৎসাধীন লোকসকলক ইতিমধ্যে বিশ হাজাৰকৈ টকা প্রদান কৰাৰ লগতে নিহতৰ পৰিয়ালক দুই লাখকৈ টকা প্রদান কৰা হ’ব বুলি প্রকাশ কৰিছে দলটোৱে৷ ইফালে জামাত–ই–ইছলামী আৰু জমিয়ত উলেমা হিন্দৰ প্রতিনিধি দল এটাই ধলপুৰৰ ঘটনা সম্পর্কত ২৬ ছেপ্টেম্বৰৰ নিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়৷ এআইইউডিএফৰ প্রতিনিধি দলেও মুখ্যমন্ত্রীক সাক্ষাৎ কৰি অনুৰূপ দাবী উত্থাপন কৰাৰ লগতে ধর্মীয় সংখ্যালঘুৰ তেজক লৈ ৰাজনীতি নকৰাৰ অনুৰোধ জনায়৷

You might also like