নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কাজিৰঙা

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ অসমৰ পৰ্যটন উদ্যোগৰ বাবে সুখবৰ। আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু কৃষি মন্ত্ৰী অতুল বৰাই।

বৰ্তমান কঁহৰা বনাঞ্চলৰ প্ৰায় ৯ কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ ৮ কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে। অৱশ্যে হাতী চাফাৰী বৰ্তমান বন্ধ হৈ আছে।

আজি উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য বন সংৰক্ষক অমিত সাহাই, অতিৰিক্ত মুখ্য বন সংৰক্ষক, জিলা উপায়ুক্ত, জিলা বন বিষয়া, বোকাখাত আৰু কলিয়াবৰৰ মহকুমাধিপতিদ্বয়, বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকল, পৰ্যটকসকল আৰু স্থানীয় ৰাইজ।

You might also like