নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্র দল পৰিৱর্তনৰ পক্ষপাতী নহয় বিজেপি

বিপিএফৰে মিত্রতাক লৈ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰে বিজেপিৰ পুনৰ মিত্রতাক লৈ ব্যাপক চর্চা অব্যাহত থকাৰ মাজতে বিষয়টোক লৈ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সমাগত উপ–নির্বাচনত হাগ্রামা মহিলাৰীৰ দলে ভৱানীপুৰ সমষ্টিত বিজেপিক সমর্থন জনাব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘মোক তেওঁ লগ কৰিছে৷ ভৱানীপুৰত বিজেপিক সমর্থন দিয়াৰ কথা কৈছে৷ কিন্তু ইয়াত কোনো ৰাজনৈতিক পৰিৱর্তনৰ কথা নাই৷ তেওঁ কৈছে বিজেপিক সমর্থন দিব৷ সমর্থন দিলেতো আমি সদায় ভালেই পাম৷’

বর্তমানৰ চৰকাৰখনৰ চাৰি মাহহে হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয়– আমি বিজেপি, অগপ আৰু ইউপিপিএলে এটা জনাদেশ লৈ আহি চৰকাৰ গঠন কৰিছোঁ৷ গতিকে এইক্ষেত্রত আমাৰ মিত্র দলক পৰিৱর্তন কৰা, ভঙা–পতা এই ধৰণৰ কথাত আমি বিজেপি নাথাকোঁ৷ বিপিএফে যেতিয়া যোৱাবাৰ আমাৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছিল, তেতিয়াও আমি তেওঁলোকৰ কোনো মন্ত্রীক নির্বাচনৰ শেষপর্যন্ত বাদ দিয়া নাছিলোঁ৷ ইউপিপিএলৰ লগত আমাৰ মিত্রতা হৈছে, সেইটো থাকিবই৷ এইক্ষেত্রত কোনো বেলেগ কথা নাহে৷

You might also like