নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ কালাতলীত দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত আৰক্ষীৰ

নিয়মীয়া বার্তা,৯ অক্টোবৰঃ ছয়গাঁও সমষ্টিৰ কালাতলী পথাৰত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই এটা নাৰীদেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰাৰ লগতে এগৰাকী মহিলাসহ পাঁচজন লোকক আটক কৰে জোৰশিমুলী আৰক্ষী চকীৰ অন্তর্গত কালাতলী পথাৰ গাঁও নিৱাসী মগৰব আলী নামৰ লোকজনে দীর্ঘদিনৰে পৰাই নিজ ঘৰতে দূৰ–দূৰণিৰ যুৱতী–মহিলাক আনি দেহ ব্যৱসায় চলাই আহিছিল৷ দীর্ঘদিনৰ পৰাই মগৰব আলীৰ ঘৰ নাৰীদেহ ব্যৱসায়ীৰ ঘাটিত পৰিণত হোৱাত সামাজিক পৰিৱেশ বিনষ্ট হৈ পৰিছিল৷ স্থানীয় ৰাইজে ইতিপূর্বে জোৰশিমুলী আৰক্ষীক নাৰীদেহব্যৱসায়ীৰ ঘাটিৰ বিষয়ে অৱগত কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল৷

শেহতীয়াকৈ যোৱানিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষী আৰু জোৰশিমুলী আৰক্ষীৰ দল এটাই অকাস্মতে কালাতলী পথাৰত থকা নাৰীদেহ ব্যৱসায়ীৰ ঘাটিত অভিযান চলায়৷ আৰক্ষীয়ে অকাস্মতে চলোৱা অভিযানত নাৰীদেহ ব্যৱসায়ীৰ ঘাটিত অসংযত অৱস্থাত থকা এগৰাকী মহিলাসহ পাঁচজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত লোককেইজন হ’ল ক্রমে– কালাতলী পথাৰৰ মগৰব আলীৰ পত্নী কৰুণা খাতুন (২২), বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তর্গত ২নং টুপামাৰীৰ খুদা বক্সৰ পুত্র ৰবিউল ইছলাম (২২), ১নং টুপামাৰীৰ আব্দুছ ছামাদ সৰকাৰৰ পুত্র ছাইফুল ইছলাম (২৩), কালাতলী পথাৰৰ আবেদ আলীৰ পুত্র জামাল উদ্দিন (৫০) আৰু উত্তৰ চৌধুৰীপামৰ তাৰা মিঞাৰ পুত্র ৰবিউল হোছেইন (৩৬)৷ আনহাতে, আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনো জব্দ কৰে আন্ধাৰৰ সুযোগ গ্রহণ কৰি কেইবাগৰাকী মহিলা–যুৱতীসহ নাৰীদেহ ব্যৱসায়ীৰ ঘাটি চলোৱা মগৰব আলী পলাই যাবলৈ সক্ষম হয়৷

You might also like