নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীৰ বেঙাবাৰী- নাচবৰ পথাৰত বন্যহস্তীৰ জাকৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  যোৱা ৭ অক্টোবৰ নিশা বিহালীৰ নাচবৰ বেঙাবাৰী পথাৰত ৫০/ ৬০ টা এটি বনৰীয়া হাতীৰ জাকে খেতি পথাৰত উপদ্ৰৱ চলাই বহু খেতিয়কৰ ধান নষ্ট কৰে। হাতীৰ জাকটোৱে পথাৰত গেড় ধৰিব ধৰা ধান খেতিত সোমাই খাই মেলি গছকি সমূলঞ্চে ধ্বংস কৰে। ধ্বংসৰ কৱলত পৰা খেতিয়ক সকলৰ ভিতৰত ক্ৰমে দিলকুমাৰ দাস,বুলু দাস,অতুল দাস,গুব্ধ দাস, ৰিতুল দাস, দিগন্ত দাস, আৰু ধৰ্মেশ্বৰ দাস এই সকল খেতিয়ক বিশেষ ভাবে ক্ষতিগ্ৰস্থ হৈছে। স্থানীয় ৰাইজে বনবিভাগৰ গাফিলটিৰ কথাও দোহাৰিছে। সচেতন যুৱক সুৰেশ বৰাই জানিব দিয়ামতে এইসকল খেতিয়কে গোটৰ পৰা ঋণ লৈ ধান খেতিত বিনিয়োগ কৰিছিল। গতিকে ধানখিনি বন্যহস্তীয়ে বিনষ্ট কৰাত ধান খেতিয়ক সকল দুখত ভাঙি পৰিছে,আৰু খেতিয়ক কেইজনে চৰকাৰৰ ওচৰত কাতৰ অনুৰোধ জনাইছে যে, যিহেতুকে টকা ঋণ লৈ এই ধান খেতি সমূহ কৰা হৈছিল,সেইহেতুকে অনিষ্ট হোৱা ধান সমূহৰ বিপৰীতে চৰকাৰে যদি কিঞ্চিৎ সাহাৰ্য্য প্ৰদান কৰিলে হয় নিশ্চিত ভাৱে এই খেতিয়ক সকল উপকৃত হৈ সকাহ লভিলে হয় বুলি মনৰ ভাৱ প্ৰকাশ কৰিছে।

অমিতাভ বৰুৱা : বৰগাং

You might also like