নিয়মীয়া বাৰ্তা ৯ অক্টোবৰ: দেশৰ ৰাজধানী দিল্লীত বিদ্যুৎ সংকটৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি এই সন্দর্ভত হস্তক্ষেপ বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷
দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে পত্রত উল্লেখ কৰা মতে সম্প্রতি দিল্লীত কয়লাৰ নাটনিৰ পৰিপ্রেক্ষিতত বিদ্যুৎ উৎপাদন প্রকল্পত ব্যাঘাত জন্মিব আৰু বিদ্যুৎ যোগানত বাধা আহি পৰিব৷ এনে পৰিপ্রেক্ষিততে এই বিষয়টোক লৈ প্রধানমন্ত্রীৰ হস্তক্ষেপ বিচাৰি পত্রখনত কেজৰিৱালে কয় যে আগষ্ট–ছেপ্টেম্বৰ মাহৰ পৰাই প্রয়োজনীয় কয়লাৰ অভাৱ চলি আছে৷
অক্টোবৰ মাহতো এই কয়লাৰ অভাৱ অব্যাহত আছে৷ এনে কাৰণত বিদ্যুতৰ উৎপাদনত ব্যাঘাত জন্মিছে৷ ফলশ্রুতিত দিল্লীৰ এনচিটিলৈ যোগান ধৰি থকা প্রধান প্রধান বিদ্যুৎ বিতৰণ কেন্দ্রসমূহলৈ বিদ্যুৎ যোগানৰ খেলিমেলি আৰম্ভ হৈছে৷ প্রধানমন্ত্রীগৰাকীয়্ এই গুৰুত্বপূর্ণ বিষয়টোক হস্তক্ষেপ কৰক৷