নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: নবীকৰণ শক্তিৰ কাৰণে আশাব্যঞ্জক জলবায়ু লক্ষ্য গঢ়াৰ কাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিশ্বৰ বাকী দেশসমূহৰ বাবে অনুপ্রেৰণামূলক নেতা৷ এই মন্তব্য ডেনমার্কৰ প্রধানমন্ত্রী মেট্টে ফ্রেডেৰিস্কেনৰ৷ তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত ডেনিছ প্রধানমন্ত্রী মেট্টে ফ্রেডেৰিস্কেনে প্রধানমন্ত্রী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পাছত সাংবাদিকৰ আগত প্রধানমন্ত্রীক এনেদৰে প্রশংসা কৰে৷
ডেনিছ প্রধানমন্ত্রীগৰাকীয়ে কয়–এক নিযুত পৰিয়াললৈ বিশুদ্ধ পানী যোগান আৰু নবীকৰণ শক্তিৰ ক্ষেত্রত আপুনি (প্রধানমন্ত্রী মোদী) যি উদাহৰণ দাঙি ধৰিছে তাৰ বাবে বিশ্বৰ বাকী দেশসমূহৰ অনুপ্রেৰণামূলক নেতা৷ দ্বিপাক্ষিক বৈঠকত ডেনিছ প্রধানমন্ত্রীৰ সৈতে প্রধানমন্ত্রী মোদীয়ে নবীকৰণ শক্তি সন্দর্ভত দেশৰ বিভিন্ন প্রকল্পৰ বিষয়ে অৱগত কৰে৷ ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নবীকৰণ শক্তিৰে লক্ষ্য নির্ধাৰণ কৰাটো প্রত্যাহ্বান বুলি উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷
ইপিনে, ডেনিছ প্রধানমন্ত্রীগৰাকীয়ে ভাৰত আৰু তেওঁৰ দেশৰ সম্পর্কক মন্তব্য কৰি কয় যে দুয়োখন গণতান্ত্রিক দেশে নিয়ম আধাৰিত আন্তর্জাতিক ব্যৱস্থাক বিশ্বাস কৰে৷ ভাৰত আৰু ডেনমার্কৰ মাজত সহযোগিতা এক উদাহৰণ৷ কেনেকৈ সেউজ বিকাশ আৰু সেউজ পৰিৱর্তন হাতে হাত ধৰি আগবঢ়াই নিব পাৰি৷ নতুন দিল্লীৰ হাইদৰাবাদ হাউছত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়ো দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত কৰা হয়৷
ডেনমার্কৰ আৰহাছ বিশ্ববিদ্যালয়, জি’লজিকেল ছার্ভে আৰু গ্রীণলেনৰ সৈতে হাইদৰাবাদৰ কাউন্সিল অৱ চাইনট্রিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছার্ছৰ মাজত হোৱা বুজাবুজি চুক্তি অনুসৰি ভূূ–জল সম্পদ সন্দর্ভত দুয়োদেশে গৱেষণাত সহযোগিতা আগবঢ়াব৷