নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি সামগ্ৰী ব্যৱসায়ীক প্ৰশিক্ষণৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: অসম চৰকাৰৰ কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰই কৃষি সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলক কৃষক-গ্ৰাহকৰ প্ৰয়োজনীয় সাৰ,বীজ,কীটনাশক আদি কৃষিজাত সামগ্ৰী সঠিক ভাবে প্ৰদান আৰু পৰামৰ্শ দিব পৰাকৈ এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল ৷ যোৱা ২৪ ছেপ্টেম্বৰ পৰা প্ৰথম পৰ্যায়ত অনুষ্ঠিত কৰা “কৃষি সামগ্ৰী ব্যৱসায়ীক” প্ৰশিক্ষণটি কালি পৰিসমাপ্তি হয় ৷

তদুপলক্ষে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত সামৰণি অনুষ্ঠানৰ এখনি সভা অনুষ্ঠিত কৰি প্ৰশিক্ষাৰ্থী সকলক কিছু পৰামৰ্শ প্ৰদান কৰা লগতে একোখনকৈ প্ৰপত্ৰ দিয়া হয় ৷ কেন্দ্ৰৰ আঁচনি সহযোগী(কৃষি) যামিনী কুমাৰ দত্তই আঁত ধৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়াই লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° প্ৰশান্ত কুমাৰ পাঠকে।

অনুষ্ঠানটোত উপস্থিত থাকি লখিমপুৰ জিলা উপায়ুক্ত সঞ্জীৱ দালাহি, লখিমপুৰ জিলা কৃষি বিষয়া মোহন ডেকা,আঞ্চলিক কৃষি গবেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ক্ৰমে ড° প্ৰৱাল শইকীয়া, ধীৰেণ চৌধুৰী আদিয়ে গুৰুত্ব পূৰ্ণ ভাষণ প্ৰদান কৰে ৷ ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰশিক্ষণটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰমোদ দিহিঙীয়া, জৈন ইৰিগেছনৰ আঞ্চলিক মহাপ্ৰবন্ধক হৰেকৃষ্ণ বৰুৱা,অসম বীজ প্ৰামাণিকীকৰণ সংস্থাৰ লখিমপুৰ চক্ৰ বিষয়া ভূপেন হাজৰিকা,পাঞ্জাৱ নেচনেল বেংক গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক বিজিৎ বৰা,লখিমপৰ ছাতাৰ্দ একাউণ্টেন্ট দীনেশ পাৰিক, আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী আৰু লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰশিক্ষণ আগ বঢ়ায় ৷

প্ৰশিক্ষণটোৰ সমন্বয়ক বিজ্ঞানী লক্ষীকান্ত নাথে প্ৰশিক্ষাৰ্থী সকলৰ মাজত আয়োজন কৰা পৰীক্ষাৰ মূল্যাংকন ঘোষণা কৰে ৷ প্ৰশিক্ষণটোৰ সফলতাৰে সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়াই লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্যৰ বিজ্ঞানী জ্যোৎস্না দাস,মীন বিজ্ঞানী সোনমইণা ভূঞা,পাম পৰিচালক বিশ্বজিত কোঁৱৰ,প্ৰদীপ দেউৰী,মৌচুমী দত্ত,হিমাদ্ৰী গগৈ আৰু দুৰ্বল বৰাই। প্ৰশিক্ষণটোৰ সঞ্চালক তথা বিজ্ঞানী সুকৃতী হাজৰিকাই শলাগৰ শৰাই আগবঢ়া ৷

-মাধূৰ্য দাস,ধলপুৰ

You might also like