গোৱালপাৰাৰ বলদমাৰীত বৰ লুইতৰ কাল ৰূপ অব্যাহতঃ উচন শতাধিক লোকৰ ভেটি মাটি
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস হৈ আহিছে যদিও গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে গোৱালপাৰাৰ বলদমাৰী অঞ্চলত ৷ বিগত কেইবাবছৰ ধৰি ব্রহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অমানিশা কঢ়িয়াই আনিছে নৈপৰীয়া ৰাইজৰ । শেহতীয়াকৈ গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে গোৱালপাৰা চহৰৰ গাতে লাগি থকা ২ নং বলদমাৰীত ৷ এই খহনীয়াই গোৱালপাৰা চহৰৰ প্ৰতিও ভাবুকি আনিছে । বৰ লুইতৰ তাণ্ডৱত ইতিমধ্যে বিগত এটা পষেকত প্ৰায় শতাধিক পৰিয়াল গৃহ হাৰা হৈছে । নিশ্চিহ্ন হৈছে বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান ৷ যাৰ ফলত বহু লোকে এতিয়া অস্হায়ী আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহন কৰিবলগীয়া হৈছে ।
উল্লেখযোগ্য যে গোৱালপাৰা চহৰৰ গাতে লাগি থকা ২, ৩ আৰু ৪ নম্বৰ বলদমাৰি চৰত বিগত কেইবাবছৰ ধৰি বৰ লুইতৰ গৰাখহনীয়া চলি আছে । মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অৱশিষ্ট পৰিয়াল সমূহকো নিদ্ৰা হৰণ কৰিছে । দৈনিক স্থানান্তৰ হ’ব লগা হৈছে দুৰ্ভগীয়া পৰিয়ালৰ ঘৰ দুৱাৰ । নিশ্চিহ্ন হৈছে বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আদি । ইতিপূৰ্বে ২, ৩ আৰু ৪ নম্বৰ বলদমাৰি চৰত বৰ লুইতে তাণ্ডৱ চলাই হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা কৰাৰ লগতে ভালে কেইটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান নিচিহ্ন কৰিছে । দিনে নিশাই ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ব ধৰিছে শ, শ, পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে হেক্টৰে হেক্টৰে কৃষি ভূমি । ভয়ংকৰ গঢ়াখহনীয়াত সৰ্বস্ব হেৰুওৱাই মূৰে কঁপালে হাত দিছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক । ইতিমধ্যে লুইতে ৬ খন বিদ্যালয়, ৪ খন মছজিদ আৰু ১ খন মাদ্ৰাছা জাহ গৈছে । উল্লেখ্য যে, জলসম্পদ বিভাগে বলদমাৰীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ছিগনেছাৰ প্ৰজেক্টৰ জৰিয়তে ১০ কৌটি টকা ব্যয় সাপেক্ষে কাম কৰা হৈছে যদিও সেয়া মুঠেই পৰ্যাপ্ত হোৱা নাই ৷
input- উদিত নাৰায়ণ কলিতা ৷