নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NDFBৰ সকলো নেতা-সদস্যৰ আত্মসমৰ্পণ

বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ  উগ্ৰপন্থী সংগঠন NDFBৰ সকলো নেতা-সদস্যৰ আত্মসমৰ্পণ। ম্যানমাৰৰ এক গোপন স্থানত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ সভাপতি বি চাইৰাগ্ৰা,সম্পাদক বি ফেৰেংগাকে ধৰি সকলো নেতা-সদস্যৰ। শনিবাৰে পুৱা ৩.৩০ বজাত আত্মসমৰ্পণ NDFBৰ সদস্যৰ। কেন্দ্ৰ-অসম চৰকাৰৰে বুজাবুজি অনুসৰি আত্মসমৰ্পণৰ কথা স্ৱীকাৰ লগতে শীঘ্ৰে চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’ব আত্মসমৰ্পণকাৰী সকলো নেতা-সদস্য। সকলো আত্মসমৰ্পণকাৰীক দুটা ভাগত বিভক্ত কৰি আনি থকা হৈছে অসমলৈ এটা দল ম্য়ানমাৰৰ তামুৰৰ পৰা মণিপুৰ হৈ আৰু আনটো দল নাগালেণ্ডৰ মন জিলাৰ পৰা লংলে হৈ অসমলৈ আনি থকা হৈছে।

            আনহাতে এই কাৰ্যক আদৰণি জনাইছে এবছুৱে। চৰকাৰক শুভেচ্ছা এবছুৰ নেতৃত্বৰ।লগতে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰো আদৰণি। তেওঁ কয় যে সকলো আত্মসমৰ্পণকাৰী সদস্যক শুভেচ্ছা জনাইছো আৰু আমি সকলোৱে একলগে মিলি বিটিছিৰ উন্নয়ণৰ বাবে কাম কৰি যাম।