নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নগাঁৱৰ বঢ়মপুৰত বন্যহস্তীয়ে আচাৰি মাৰিলে অমল গগৈ নামৰ এজন লোকক। অঞ্চলটোতত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক কিছু সকাহ দিবলৈ বনবিভাগে খেদি আনিছিল প্ৰায় ১৫০টা এটা বৃহৎ হাতীৰ জাক। কিন্তু জাকটোৰ পৰা ফালি অহা এটা হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ। বন বিভাগে অঞ্চলটোৰ ৰাইজক সতৰ্ক কৰি নিদিয়াৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে।