নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াঃ জুডোৰ ফাইনেলত অসমৰ দুই খেলুৱৈ

আজি বিয়লি ৩ বজাৰ পৰা জুডোৰ ফাইনেল

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ জিমনাষ্ট উপাসা তালুকদাৰে খেলো ইণ্ডিয়াত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছত এইবাৰ জুডোৰ ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ দুই খেলুৱৈ।  মহিলা জুডোৰ ৫৭ কেজি শাখাৰ ফাইনেলত পূজা বসুমতাৰী আৰু ৬৩ কেজি শাখাৰ ফাইনেলত ধৰিত্ৰী সোণোৱাল। উল্লেখ্য যে আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব জুডোৰ ফাইনেল খেল।