নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একবিংশ শতিকাৰ এটা আধুনিক ঢেঁকী; ৫ মিনিটত খুন্দিব পাৰিব ১০ কেজি চাউল….

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ হেঁপাহৰ ভোগালীলৈ মাজত মাথো দুদিন । গাঁৱৰ ঘৰখনৰ পৰা ভাহি আহিছে ঢেঁকীৰ শব্দ ৷ সমান্তৰালকৈ জীয়ৰী–বোৱাৰীসকলো ব্যস্ত হৈ পৰিছে এতিয়া আখলত৷

পিচে যাৰ ঘৰত ঢেঁকী নাই তেওঁলোকেও যেন ৰৈ থকা নাই । হেঁপাহৰ ভোগালীক আদৰিবলৈ তেওঁলোকেও যো-যা চলাইছে ।

হেঁপাহৰ ভোগালী পদূলিত থকা অৱস্থাতে বোকাখাতৰ বজাৰৰ এখন বিশেষ দোকানত ভিৰ কৰিছে গ্ৰাহকে।

কিয়নো এই দোকানখনত আছে এখন আধুনিক ঢেঁকী শাল । এই বিশেষ ঢেঁকীত খুন্দিব পাৰিব ৫ মিনিটত ১০ কেজি চাউল।

উল্লেখ্য যে আজিৰ যুগত ক্ৰমাৎ হেৰাই গৈছে ঢেঁকী শাল। আনহাতে সময়ৰ প্ৰতি লক্ষ্য ৰাখিও এই আধুনিক ঢেঁকী শাল প্ৰয়োজনীয়। গতিকে বিহু পালন কৰিবলৈ এনেদৰে মোনাত চাউল লৈ ভিৰ কৰিছে বোকাখাতৰ এইসকল ৰাইজে ।

You might also like