৩০ ছাত্র–ছাত্রীৰে প্রথমৰ পৰা অষ্টম শ্রেণীলৈ খোল খালে শ্রেণীকোঠা
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ক’ভিডৰ জটিল পৰিস্থিতি অতিক্রম কৰি সুদীর্ঘ ডেৰ বছৰৰ অন্তত ৰাজ্যৰ বিদ্যালয়ত আৰম্ভ হ’ল শিক্ষার্থীৰ পাঠগ্রহণ৷ বিগত বর্ষৰ ফেব্রুৱাৰী মাহৰ পৰাই বন্ধ হৈ থকা বিদ্যালয়ৰ শ্রেণীকোঠাসমূহ মঙলবাৰে ছাত্র–ছাত্রী আৰু শিক্ষাগুৰুৰে জীপাল হৈ পৰে৷ উল্লেখ্য যে ক’ভিড পৰিস্থিতি পূর্বতকৈ উন্নত হোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে নতুন এছ’পিৰে বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷
সেই অনুসৰিয়ে মঙলবাৰে ৰাজ্যৰ প্রতিখন বিদ্যালয় ভৰি পৰে শিক্ষার্থীৰে৷ কার্যতঃ ২০ মাহৰ পিছত প্রতিখন বিদ্যালয়তে পুৱা প্রার্থনাত ভাগ ল’লে ছাত্র–ছাত্রীয়ে৷ আৰম্ভ হ’ল শ্রেণীকোঠাত ৰোল কল৷ মন কৰিবলগীয়া যে বহু দিনৰ অন্তত আৰম্ভ হোৱা পাঠদানৰ ক্ষেত্রত স্বাস্থ্য বিভাগে বিদ্যালয়সমূহক কঠোৰ ক’ভিড বিধি অনুকৰণৰ নির্দেশ দিছে৷ সেইমর্মে এটা সপ্তাহত তিনিটা দিনতহে হ’ব পাঠদান৷ তদুপৰি এটা শ্রেণীকোঠাত ৩০গৰাকীতকৈ অধিক ছাত্র–ছাত্রী উপস্থিত থাকিব নোৱাৰিব৷ নিম্ন প্রাথমিক পর্যায়ৰ (প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ) প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ পাঠদান হ’ব সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে৷ চতুর্থ শ্রেণী আৰু পঞ্চম শ্রেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে৷ ঠিক তেনেদৰে উচ্চ প্রাথমিক (ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ) পর্যায়ৰ ষষ্ঠ শ্রেণীৰ পাঠদান হ’ব সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে৷ সপ্তম শ্রেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে৷ আনহাতে অষ্টম শ্রেণীৰ পাঠদান হ’ব বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে৷
ইফালে, দীর্ঘদিনৰ অন্তত মঙলবাৰে বিদ্যালয়লৈ আহিবলৈ পাই উৎফুল্লিত হৈ পৰিছে শিক্ষার্থীসকল৷ ক’ভিড পৰিস্থিতিত অনলাইন ক্লাছৰ জৰিয়তে পাঠদানক লৈ কিছু সমস্যাত পৰা ছাত্র–ছাত্রীসকলে শ্রেণীকোঠাত শিক্ষকৰ সন্মুখত পাঠগ্রহণ কৰি যথেষ্ট আনন্দ আৰু সকাহ অনুভৱ কৰে৷ সমান্তৰালভাৱে ছাত্র–ছাত্রীক সন্মুখত লৈ পাঠদান কৰিবলৈ পাই শিক্ষক–শিক্ষয়িত্রীস আনন্দ প্রকাশ কৰে আজি৷
উল্লেখ্য যে মঙলবাৰে আৰম্ভ হোৱা বিদ্যালয়ৰ পাঠদানত ছাত্র–ছাত্রীৰ মাস্ক পৰিধান আৰু ছেনিটাইজাৰ ব্যৱহাৰত সর্বাধিক গুৰুত্ব দিয়া হৈছে৷ তদুপৰি সামাজিক দূৰত্ব বজাই ছাত্র–ছাত্রীসকলক বহিবলৈ দিয়া হৈছে৷ শিক্ষা বিভাগে প্রকাশ কৰা অনুসৰি বিদ্যালয়ৰ শ্রেণীকোঠা আৰম্ভ হ’লেও অনলাইন পাঠদান পূর্বৰ দৰে অব্যাহত থাকিব৷ আনহাতে বিদ্যালয়লৈ ছাত্র–ছাত্রীসকল অহাটো বাধ্যতামূলক যদিও অভিভাৱকৰ অনুমতিৰ প্রয়োজন হ’ব৷ প্রাক্–প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রী বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয়৷