সলনি হ’ব ফেচবুকৰ নাম! অহা সপ্তাহতে নতুন পৰিচয় লাভ কৰিব পাৰে ফেচবুকে…
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : ফেচবুকৰ নাম সলনি হ’ব নেকি? ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত এই দাবী কৰা হৈছে। সংবাদ মাধ্যম ‘দ্য ভাৰ্জ’ত প্ৰকাশিত এক প্ৰতিবেদনৰ কথা উল্লেখ কৰি ৰয়টাৰ্ছে প্ৰকাশ কৰিছে যে অহা সপ্তাহত কোম্পানীৰ বাৰ্ষিক সভাত নাম পৰিৱৰ্তন চূড়ান্ত হ’ব পাৰে। অৱশ্যে, মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীটোৱে এই খবৰ খাৰিজ কৰিছে।
অহা বৃহস্পতিবাৰে ২৮ অক্টোবৰত ফেচবুকৰ বাৰ্ষিক সন্মিলন। এই অনুষ্ঠানত মাৰ্ক জুকাৰবাৰ্গৰ ভাষণৰ মূল বিষয়বস্তু হ’ব পাৰে পুনৰ নামকৰণৰ বিষয়টো। হোৱাটছএপ, ইনষ্টাগ্ৰামো ফেচবুকৰ মালিকানাধীন। কিন্তু কোম্পানীৰ পৰৱৰ্তী লক্ষ্য ইয়াতকৈ বেলেগ বুলি জনা গৈছে।