নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ১০০ কোটি ‌‌ জনতাক ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ উপলক্ষে নগাঁওত জিলা‌‌ প্ৰশাসনৰ সম্বৰ্ধনা স্বাস্থ্য কৰ্মীক

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ  সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নগাঁও জিলাতো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সৱল নেতৃত্বত দেশৰ ১০০ কোটি জনতাক ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত নগাঁও জিলা প্ৰশাসনে নগাঁওৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এক সম্বৰ্ধনা কাৰ্য্যসূচী অনুষ্ঠিত কৰে ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত কবিতা পদ্মনাভন, আই. এ. এছ.য়ে স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনায় । উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধিত হোৱা স্বাস্থ্য কৰ্মী কেইগৰাকী হ’ল ক্ৰমে – পম্পী নাথ, ৰিম্পী দুৱৰা আৰু ৰেহেনা খাতুন । আজিৰ এই কাৰ্য্যসূচীৰ আঁত ধৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ অতুল পাটৰে । আজিৰ এই অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।

 

You might also like