নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদীৰ গতি–বিধি বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ৰাজ্যখনলৈ অতিৰিক্ত ২৫টা সশস্ত্র বাহিনী প্রেৰণৰ সিদ্ধান্ত লৈছে৷ এক সূত্রই প্রকাশ কৰা অনুসৰি তিনিটা পর্যায়ত জম্মু আৰু কাশ্মীৰলৈ অতিৰিক্ত বাহিনী প্রেৰণ কৰা হ’ব৷ প্রথম পর্যায়ত ১০টা বাহিনী আৰু পৰৱর্তী দুটা পর্যায়ত অৱশিষ্ট ১৫টা বাহিনী জম্মু আৰু কাশ্মীৰত মোতায়েন কৰা হ’ব৷
জম্মু আৰু কাশ্মীৰৰ নাগৰিকক সুৰক্ষা প্রদান আৰু অন্যান্য বাহিনীসমূহে সন্ত্রাসবাদীৰে যুঁজ দিয়াত সহায় কৰাৰ উদ্দেশ্যে অতিৰিক্ত বাহিনীসমূহক সন্ত্রাসজর্জৰ অঞ্চলটোলৈ প্রেৰণ কৰা হ’ব৷ শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক উচ্চ পর্যায়ৰ বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷
উল্লেখ্য যে যোৱা দুটা সপ্তাহত জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি পাইছে৷ নিৰাপত্তা বাহিনীৰে হোৱা সংঘর্ষত ১৫টা সন্ত্রাসবাদী নিহত হৈছে৷