নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ৰ মেচ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: আই চি চি টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ ৰাউণ্ডৰ মেচসমূহ আজিৰে পৰা ইউনাইটেড আৰব এমিৰেটছত আৰম্ভ হ’ব৷ কোৱালিফায়িং ৰাউণ্ডৰ মেচসমূহৰ কালি সামৰণি পৰাৰ পিছত আজি ছুপাৰ ১২ৰ প্রথমখন মেচত খেলপথাৰত নামিব অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকা৷ টি–২০ বিশ্বকাপত প্রথমটো খিতাপৰ লক্ষ্যৰে ইউ এ ইলৈ অহা অষ্ট্রেলিয়া সম্প্রতি দুর্বল ফর্মত আছে৷ দলটোৱে শেহতীয়াকৈ বাংলাদেশ, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড, ভাৰত আৰু ইংলেণ্ডৰ হাতত দ্বিপাক্ষিক টি–২০ শৃংখলাত পৰাজয়ৰ সন্মুখীন হৈছে৷

শেহতীয়া ১৩খন মেচত অষ্ট্রেলিয়াই মাত্র ৫খনতহে জয়ৰ মুখ দেখিছে৷ তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰৰ শোচনীয় ফর্ম অষ্ট্রেলিয়াৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ দুর্বল প্রদর্শনৰ বাবে আই পি এলত ছানৰাইজার্ছ হায়দৰাবাদ দলৰ পৰা বাদ পৰা বাঁওহতীয়া অ’পেনাৰগৰাকীয়ে ৱার্ম আপ মেচতো ০ আৰু ১ ৰানতে আউট হয়৷ ষ্টিভেন স্মিথ, গ্লেন মেক্সৱেল আৰু আৰন ফিনছৰ ওপৰত দলটোৰ বেটিং বিভাগ অধিক নির্ভৰশীল হ’ব৷

ইফালে, শেহতীয়াকৈ ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড আৰু শ্রীলংকাৰ বিৰুদ্ধে ক্রমাগত তিনিটা টি–২০ শৃংখলা জয় কৰি আত্মবিশ্বাসী হৈ আছে দক্ষিণ আফ্রিকা৷ কুইণ্টন ডি কক, এইডেন মাকৰাম, টেম্বা বাভুমা, ডেভিদ মিলাৰৰ দৰে কেইবাগৰাকীও মেচ উইনাৰেৰে দলটো সমৃদ্ধ৷ বলিঙত কাগিছো ৰাবাডা, লুংগী এনগিৰি, এনৰিচ নর্টজেই গতি আৰু বাউঞ্চেৰে যিকোনো বেটছমেনক বিপদত পেলাব পাৰে৷

আনহাতে, দিনটোৰ দ্বিতীয়খন মেচত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজে খিতাপৰ প্রবল দাবীদাৰ ইংলেণ্ডৰ মুখামুখি হ’ব৷ সন্ধিয়া ৭.৩০ৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনত ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেন ক্রিছ গেইল, ইভিন লেৱিছ, লেণ্ডল ছিমনছ, ছিমৰন হেটমায়াৰ, নিকোলাছ পুৰান, আণ্ড্রে ৰাছেলে ৰানৰ জোৱাৰ তোলাৰ সম্ভাৱনা আছে৷ অৱশ্যে ইংলেণ্ড দলটোতো জনী বেয়াৰষ্ট’, জ’ছ বাটলাৰ, ডেভিদ মালান, জেছন ৰয়, ইয়ন মৰগান আদিৰ দৰে কেইবাগৰাকীও বিস্ফোৰক বেটছমেন আছে৷ দুয়োটা দলতে কেইবাগৰাকীও বিস্ফোৰক বেটছমেন থকাৰ প্রতি লক্ষ্য ৰাখি মেচখনত ৰানৰ জোৱাৰ উঠাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজে ২০১৬ৰ টি–২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক হৰুৱাই খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ ইংলেণ্ডে এই পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলপথাৰত নামিব৷

You might also like