নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত পুনৰ কঠোৰ ক’ভিড প্রতিৰোধী ব্যৱস্থাঃ বিমানৰ সেৱা বাতিল; বন্ধ বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: ক’ভিড–১৯ মহামাৰীৰ নতুনকৈ সৃষ্টি হ’ব পৰা জোৱাৰ প্রতিহত কৰিবলৈ কালি চীনে কঠোৰ ব্যৱস্থা গ্রহণ কৰে৷ এদল পর্যটকৰ জৰিয়তে চীনত ক’ভিড মহামাৰীৰ নতুন প্রকৰণত সংক্রমণ হোৱা বুলি তথ্য লাভ কৰাৰ পিছতে কালি বেইজিং প্রশাসনে কেইবাশও বিমানৰ সেৱা বাতিল কৰে৷

বন্ধ কৰি দিয়ে বিদ্যালয়সমূহ আৰু তাৎক্ষণিক ভাৱে ক’ভিডৰ সমূহীয়া পৰীক্ষাৰ ব্যৱস্থা গ্রহণ কৰে৷ চীনে অভ্যন্তৰত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ‘শূন্য’লৈ হ্রাস কৰাৰ বাবে ধাৰাবাহিক প্রচেষ্টা চলাই আহিছে৷

আনকি আন দেশসমূহে যেতিয়া ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰি দিছে, সেই সময়তো চীনে সীমান্ত কঠোৰভাৱে বন্ধ কৰি ৰাখিছে৷ ইয়াৰ উপৰি এতিয়াও দেশখনৰ বিভিন্ন চহৰত প্রয়োগ কৰি ৰখা হৈছে ক’ভিড প্রতিৰোধী লকডাউন৷ এই কঠোৰ প্রতিৰোধী ব্যৱস্থাৰ বাবেই চীনত অভ্যন্তৰত ক’ভিড সংক্রমণৰ হাৰ লক্ষণীয়ভাৱে হ্রাস পাইছে৷

You might also like