নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেন্নি ম’হৰ প্রথমটো আই ভি এফ পোৱালিৰ জন্ম সোমনাথত

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ গুজৰাটৰ গিৰ সোমনাথ জিলাত এজন কৃষকৰ গৃহত বেন্নি ম’হৰ প্রথমটো আই ভি এফ পোৱালিৰ জন্ম পাইছে৷ গিৰ সোমনাথৰ ধানেশ গাঁৱৰ এগৰাকী দুগ্ধপাম কৃষকৰ বেন্নি ম’হৰ পৰাই প্রথমটো আই ভি এফ মতা পোৱালিৰ জন্ম দিয়া হৈছে৷

কেন্দ্রীয় মৎস্য, পশুপালন আৰু দুগ্ধপাম মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰা মতে, ইনভিট্র’ফার্টেলাইজেচন, চমুকৈ আই ভি এফৰ জৰিয়তে বেন্নি ম’হৰ প্রথমটো পোৱালিৰ জন্ম দিবলৈ সক্ষম হৈছে৷ সুশীলা এগ্রো ফার্মছৰ কৃষক বিনয় এল ভালাৰ জৰিয়তে ৬ বেন্নি আই ভি এফ গর্ভৱতীৰ পৰা প্রথমটো পোৱালিৰ জন্ম দিবলৈ সক্ষম হোৱা বুলি মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰিছে৷ দেশৰ বাবে প্রথমটো বেন্নি ম’হৰ পোৱালিৰ আই ভি এফযোগে জন্ম পোৱাটো লক্ষণীয় সফলতা বুলি উল্লেখ কৰিছে মন্ত্রালয়ে৷

মন কৰিবলগীয়া যে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ ম’হৰ উন্নত প্রজন্মৰ প্রতি লক্ষ্য ৰাখি বেন্নি ম’হৰ আই ভি এফ কৰা হৈছিল৷ যিকোনো পৰিৱেশত প্রচুৰ পৰিমাণে গাখীৰ উৎপাদনৰ ক্ষমতাসম্পন্ন বেন্নি ম’হৰ আই ভি এফযোগে পোৱালিৰ জন্ম দিবলৈ সক্ষম হোৱাটোৱে দেশৰ দুগ্ধপাম উদ্যোগক অধিক আগবঢ়াই নিয়াৰ সম্ভাৱনা আছে বুলিও মন্ত্রালয়ে বিবৃতিত প্রকাশ কৰিছে৷ উল্লেখ্য যে উল্লেখিত ফার্মৰ পৰা ১৮ ম’হৰ বীজ অনা হৈছিল যদিও ইয়াৰ পৰা ৬টা ম’হক গর্ভৱতী কৰিবলৈ সক্ষম হৈছিল৷ এই ৬টা ম’হৰ পৰা প্রথমটো পোৱালিৰ জন্ম দিবলৈ সক্ষম হৈছে৷

মন কৰিবলগীয়া যে কৃষক বিনয় ভালাই প্রকাশ কৰা মতে, তেওঁৰ এই সমস্ত প্রক্রিয়াটোত এন জি অ’ জে কে ট্রাষ্টৰ জে কে ব’ভাজেনিক্স আৰু ৰেমণ্ড গ্রুপৰ সহায় অনস্বীকার্য৷ কৃষক ভালাৰ মতে, তেওঁৰ বেন্নি ম’হে এবাৰত ৯–১২ লিটাৰ গাখীৰ দিয়ে৷ এই প্রক্রিয়া বহু দিনলৈকে অব্যাহত থাকে৷ এনে কাৰণতে তেওঁৰ বেন্নি ম’হৰ পৰাই আই ভি এফৰ জৰিয়তে পোৱালিৰ জন্ম দিয়াৰ প্রতি আগ্রহ বাঢ়ে আৰু এইক্ষেত্রত এন জি অ’ৰ লগতে কেন্দ্রীয় পশুপালন মন্ত্রালয়ে সহযোগ কৰে৷ তাৎপর্যপূর্ণ যে ভাৰতত ১০০ নিযুততকৈ অধিক ম’হ আছে৷ যি পৰিসংখ্যা বিশ্বৰ ম’হৰ ভিতৰত ৫৬ শতাংশ৷

You might also like