নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্ৰুত গতিত গলিছে বৰফঃ “লাষ্ট আইচ” নিচিহ্ন হোৱাৰ পথত

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ উত্তৰ মেৰুৰ বৰফৰ পাত ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে। বিশেষজ্ঞসকলে এই বিষয়ে বাৰে বাৰে সৰ্তক কৰি আহিছে । জলবায়ু বিজ্ঞানীসকলে উত্তৰ মেৰুৰ সকলোতকৈ পুৰণি আৰু ডাঠ বৰফৰ বৰফৰ পাতত এটা বিশাল ছিদ্ৰ লক্ষ্য কৰিছিল। উত্তৰ মেৰুৰ এই অংশটোক পৃথিৱীৰ ‘লাষ্ট আইচ” বুলি কোৱা হয়। কিন্তু বৰ্তমান লাষ্ট আইচত ফাট মেলিছে । যিবোৰ ফাটক “পলিনিয়া” বুলি কোৱা হয়।

২০২০ চনৰ মে মাহত কানাডাৰ এলচমেয়াৰ দ্বীপৰ বৰফত পলিনিয়া ধৰা পৰে ,যি লাষ্ট আইচ এলেকাৰ অন্তৰ্গত । বিজ্ঞানীসকলে অনুমান কৰিছে যে উত্তৰ মেৰুৰ শক্তিশালী এণ্টিচাইক্লোনিক বতাহৰ দ্বাৰা পলিনিয়াটি গঠন হৈছিল । ২০২১ চনৰ এক অধ্যয়নে দেখুৱাইছিল যে – গ্ৰীণলেণ্ডত প্ৰতি বছৰে বৰফ দ্ৰুত গতিত গলি আছে । বিজ্ঞানীসকলে আশংকা কৰিছে যে এইদৰে যদি বৰফ গলি থাকে তেনে এই শতিকাৰ শেষৰ ফালে লাষ্ট আইচ সম্পূৰ্ণৰূপে নিচিহ্ন হ’ব।

You might also like