খেলো ইণ্ডিয়াত ১০ টা পদকৰ আশা অসম বক্সিং সন্থাৰ
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ খেলো ইণ্ডিয়া য়ুথ গেমছত ৰাজ্যৰ বক্সাৰসকলৰ পৰা অতি কমেও ১০ টা পদকৰ আশা কৰিছে অসম এমেচাৰ বক্সিং সন্থাই৷
অহা ১৬ জানুৱাৰীৰ পৰা ছাই চেণ্টাৰত আৰম্ভ হ’বলগীয়া বক্সিং ইভেণ্টৰ প্রস্তুতি সন্দর্ভত সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই আজি কয় যে গুৱাহাটীত অনুষ্ঠিত প্রতিযোগিতাখনে অসমৰ যুৱ খেলুৱৈসকললৈ সুৱর্ণ সুযোগ কঢ়িয়াই আনিছে৷
এই সুযোগ গ্রহণ কৰিবলৈ তেওঁলোক সম্পূর্ণৰূপে সাজু৷ বিশেষকৈ অসমৰ সম্ভাৱনাময় তাৰকা অংকুশিতা বড়ো খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্যতম পদকপ্রত্যাশী৷ বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত স্বর্ণপদক জয়েৰে ইতিহাস ৰচা অংকুশিতাই প্রতিযোগিতাখনৰ ২১ বছৰ অনূর্ধ্ব শাখাত অসমক প্রতিনিধিত্ব কৰিব৷
পদক জয়ৰ সম্ভাৱনা থকা আন খেলুৱৈসকল হ’ল– মেৰী মৰাণ, চুজুমা বড়ো, কল্পনা সিং, গীতিমণি গগৈ, আইকন মিলি (১৭ বছৰ অনূর্ধ্ব), গৌৰৱ মজুমদাৰ, চন্দন নার্জাৰী, ইমদাদ হুছেইন, প্রিয়ংকা বৰা, সৰস্বতী বড়ো, বুলেন বুঢ়াগোহাঁই, হৰিকেশ যাদৱ, অভিনৱ শইকীয়া, তন্ময় দুৱৰা আৰু এছ প্রধান (২১ বছৰ অনূর্ধ্ব)৷