নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পোন্ধৰটা বছৰতো পূৰ্ণতা নাপালে মাধৱদেৱ কলাক্ষেত্ৰইঃ নিৰ্মিয়মান মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন

নিয়মীয়া বাৰ্তা ২৮ অক্টোবৰ : পোন্ধৰটা বছৰতো পূৰ্ণতা নাপালে প্ৰস্তাৱিত মাধৱদেৱ কলাক্ষেত্ৰই ৷লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বদলা পদ্ম আতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়োৱা ৪২ বিঘা ভূমিত নিৰ্মীয়মাণ কলাক্ষেত্ৰখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল দুহাজাৰ সাত চনত ৷ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুন গগৈয়ে আধাৰশিলা কৰা নিৰ্মীয়মাণ কলাক্ষেত্ৰখনত ৰাজ্যচৰকাৰ সলনিৰ লগে লগে সলনি হ’ল আৰ্হি ৷ ৰাজকোষৰ পাঁচ কোটি টকাৰে প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ৰ ডেৰ কোটি টকাৰ আৰম্ভ কৰা নিৰ্মাণ কাৰ্য আধাতে এৰি সম্প্ৰতি ৰাজ্য চৰকাৰে তৃতীয় পৰ্যায়ৰ প্ৰায় সাতাইশ কোটি টকাৰ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে ৷ পিছে ভঙা পতাৰ ৰাজনীতিৰ মেৰপেচত মাধৱদেৱ কলাক্ষেত্ৰৰ পূৰ্নতা এতিয়াও বহু যোজন দূৰ ৷ বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ হিয়াৰ আমঠু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামেৰে জন্মস্থান নাৰায়ণপুৰত নিৰ্মীয়মাণ কলাক্ষেত্ৰ আজিও সম্পূৰ্ণ নহ’ল ৷ মাধৱদেৱ কলাক্ষেত্ৰক কেন্দ্ৰ কৰি ১৫ বছৰে শাসনাধিষ্ঠিত চৰকাৰে উত্তৰপৰীয়া ৰাইজক আশ্বাস প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে ৷ সম্প্ৰতি নতুন চৰকাৰে নতুন আৰ্হিত ৰাজকোষৰ প্ৰায় ২৭ কোটি টকাৰে বিগত বৰ্ষৰ পৰা কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য চলাইছে নতুন ৰুপত ৷

২০২২ চনত সম্পুৰ্ণ কৰা নিৰ্দেশনাৰে ঠিকাদাৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে যদিও সময়মতে পূৰ্ণতা পোৱাৰ সম্ভাৱনা ক্ষীন হৈ পৰিছে কাৰণ কেইবাটাও কামৰ অধাংশ হোৱাৰ বিপৰীতে আন বহু কেইটা কাম আজিও হাতত লোৱা নাই নিৰ্মাণকাৰী সংস্থাই৷ বৰ্তমান সময়ত নিৰ্মাণ হৈ থকা কাম সমূহ হৈছে নলা, চাৰিসীমা বাউণ্ডেৰী ৱাল, অতিথিশালা, মিউজিয়াম বিল্ডিং, অডিটৰিয়ামত বিল্ডিং, দক্ষিণ হাতিৰ বহা, নামঘৰ, কাৰ্যালয় আৰু টিকট কাউন্টাৰ, ৰাজহুৱা শৌচাগাৰ, চিকিউৰিটিৰ ঘৰ, পানীৰ টেংকী, ভকতৰ শৌচাগাৰ, মিউজিয়াম বহা, বাটচ’ৰা, সত্ৰৰ বাউণ্ডেৰী ৱাল, ৰাষ্টা, গেট, পানী আৰু পুখুৰীৰ সৌন্দৰ্য্য বৰ্ধন, পাৰ্কিং, পানী আৰু বিজুলী বিতৰণ আৰু আতাগৃহ। গছপুলি ৰোপনৰ কাম বৰ্তমানো হোৱা নাই।

নিৰ্মাণকাৰী সংস্থা Rajshekhar const. Pvt. Ltd য়ে বৰ্তমান কৰি থকা নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শনৰ বাবে বুধবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ এটা সাংবাদিকৰ দল উপস্থিত হয় কলাক্ষেত্ৰত। কলাক্ষেত্ৰৰ নিৰ্মিয়মান ভৱনত আৰ্কিটেক্ট, ডিজাইন আৰু বিল্ডিং ৰ হৈ কৌশিক বৰা, নিৰ্মাণকাৰী সংস্থাটোৰ হৈ ঘনকান্ত বৰা, গড়কাপ্তানি বিভাগৰ বিল্ডিং ডিভিজনৰ হৈ অভিযন্তা আৰ আৰ পল, গড়কাপ্তানি বিভাগৰ অভিজন্তা মুহিন দেউৰীৰ লগতে সাংবাদিক সকলৰে এক আলোচনাত মিলিত হয়। সম্পূৰ্ণ তথ্য সহকাৰে তেওঁলোকে অৱগত কৰাৰ লগতে আগন্তুক বৰ্ষৰ জুন মাহত নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰা হব বুলি সাংবাদিকৰ আগত অৱগত কৰে।। গুৰুত্বপূৰ্ণ কথাটো হ’ল ২০০৭-২০১৬ চনলৈকে কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰথম পৰ্যায়ত ৫ কোটি আৰু দ্বিতীয় পৰ্যায়ত ১:৫ কোটি টকাৰে কলাক্ষেত্ৰখনৰ নিৰ্মাণ কৰা গৰিষ্ঠসংখ্যক কাম এতিয়া আওপুৰনি (আউটডেটেত) ৷ চৰকাৰৰ অনিহা , গড়কাপ্টানি গৃহ বিভাগৰ আৰু ঠিকাদাৰৰ দুৰ্নীতিত প্ৰতিটো নিৰ্মাণ কাৰ্য আধাৰুৱা কৰি ৰখাৰ পাছত বিজেপি চৰকাৰে কোনোতো কাম হাতত লোৱা নাই বিপৰীতে নতুন আৰ্হিত নিৰ্মাণ কাৰ্য চলাইছে ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ আধাৰুৱা কামক কেন্দ্ৰ কৰি কলাক্ষেত্ৰখনৰ পূৰ্নতা লৈ মহাপুৰুষজনাৰ জন্মস্থানবাসী আজিও সন্দিহান হৈ আছে ৷

আনহাতে তৃতীয় পৰ্যায়ৰ কাম প্ৰত্যক্ষ কৰাৰ পাচত আৰু কেইবাটাও পৰ্যায়ত নিৰ্মাণ কাৰ্য হলেহে হয়তু মাধৱদেৱ কলাক্ষেত্ৰই পূৰ্ণতা পোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ বাবে সবাতোকৈ প্ৰয়োজন এতিয়া চৰকাৰৰ সদ্দিচ্ছা ৷ আনহাতে চৰকাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ নেতৃত্বত মাধৱদেৱ কলাক্ষেত্ৰ পৰিচালনাৰ দায়িত্ব প্ৰদান কৰিছে ৷ বিপৰীতে গুৰুজনাৰ জন্মস্থানবাসী সন্দিহান কলাক্ষেত্ৰ খনক পূৰ্ণতাক লৈ ৷ মহাপুৰুষ মাধৱদেৱৰ নামত নিৰ্মীয়মাণ কলাক্ষেত্ৰখনক লৈ বিগত পোন্ধৰটা বছৰে উত্তৰপৰীয়া ৰাইজে বহু দেখিলে ৰাজনীতিৰ মেৰপেচ আৰু আশ্বাস প্ৰতিশ্ৰুতি ৷ যাৰবাবে সন্দিহান ৰাইজক ৰাজ্যৰ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে পূৰ্ণাংগ এখন কলাক্ষেত্ৰ উপহাৰ দি হৃদয় জিনিব পাৰিবনে সেয়া সময়েহে ক’ব ।।

চন্দন শইকীয়া
ভোগপুৰ

You might also like