নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত উদ্ধাৰ বৰগাং লাইনৰ যুৱতী

নিয়মীয়া বাৰ্তা  ২৮ অক্টোবৰঃ  অসমৰ পৰা অৰুণাচলত ঘৰুৱা বন কৰিবলৈ যোৱা শিশু তথা যুৱতী আবদ্ধ হৈ দাসত্বৰ জীৱন কটাই থকা আৰু ইয়াৰ মাজৰে পৰা বিভিন্ন সময়ত দুই–এগৰাকীকৈ উদ্ধাৰ হৈ অহাৰ বাতৰি প্রকাশ হৈ অহাৰ পিছত পুনৰ এগৰাকী যুৱতী উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে৷ ইটানগৰৰ আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি থমাছ নায়কে জনোৱা মতে, ১৬ অক্টোবৰত প্রায় ১৪/১৫ বছৰীয়া কিশোৰ এগৰাকীক অৰুণাচলত উদ্ধাৰ কৰা হয়৷ কিশোৰীগৰাকীয়ে নিজকে মীনা মার্দি (প্রজা) বুলি পৰিচয় দিছে আৰু বিশ্বনাথৰ বৰগাং ১৬নং লাইনৰ লুইছ মার্দি (প্রজা) আৰু ডালমী প্রজাৰ জীয়ৰী বুলি জানিবলৈ দিছে৷ বর্তমান কিশোৰীগৰাকীক নাহৰলগুনৰ অজু মিছনত ৰখা হৈছে৷ বিশ্বনাথ আৰক্ষী–প্রশাসনে বিষয়টোত গুৰুত্ব দি যুৱতীগৰাকীক উদ্ধাৰ কৰি অনাৰ ব্যৱস্থা কৰিব লাগে বুলি আদিবাসী ছাত্রনেতা থমাছ নায়ক আৰু সচেতন ৰাইজে আহ্বান জনাইছে৷ আনহাতে, বৰগাং ১৬নং লাইন বৰগাং আৰক্ষী চকীৰ নিচেই কাষতে, গতিকে বৰগাং আৰক্ষীয়েও বৰগাং ১৬নং লাইনত অনুসন্ধান কৰি যুৱতীগৰাকী প্রকৃততে বৰগাঙৰ হয়নে নহয়, নিশ্চিত হ’ব পাৰে বুলিও বিবেচিত হৈছে৷ ইতিমধ্যে বৰগাং চাহ বাগিচা আদিবাসী ছাত্র সন্থাই বিষয়টো গুৰুত্বসহকাৰে লৈ অনুসন্ধান আৰম্ভ কৰিছে৷
অমিতাভ বৰুৱা : বৰগাং

You might also like