নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী সমাগতঃ মাটি চাকি নিৰ্মাণত ব্যস্ত বৰহোলাৰ মৃৎ শিল্পী

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: সমাগত পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলী উপলক্ষে বৰ্তমান মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে বৰহোলাৰ মৃৎ শিল্পী সকল। দীপাৱলীত সাধাৰণতে মাটিৰ চাকিৰ চাহিদা যথেষ্ট বেছি।

উল্লেখ্য যে যি সময়ত ৰং বিৰঙী লাইট, প্লাষ্টিকৰ বৈদ্যুতিক চাকি আদি বিভিন্ন চীনা সামগ্ৰীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে সেই সময়তো মাটি চাকিৰ চাহিদা কিন্তু হ্ৰাস পোৱা নোপোৱাতো এক ইতিবাচক দিশ।

আজি বৰহোলাৰ এগৰাকী মৃৎ শিল্পীৰ কৃষ্ণ পণ্ডিতৰ সৈতে হোৱা বাৰ্তালাপত কয়- ”আমি বছৰ বছৰ ধৰি মাটিৰ চাকি নিৰ্মাণ কৰিয়েই জীৱিকাৰ পথ মোকলাই আহিছো। এইসমূহ চাকি তিতাবৰ, বৰহোলা লগতে যোৰহাট জিলাৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ হয়। সাধাৰণতে দীপাৱলীৰ সময়ত মাটি চাকিৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। আগতে চাকি বিক্ৰী কৰিয়েই বছৰটোৰ বাবে কিছু উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলো। বৰ্তমান লকডাউনৰ বাবে চাকিৰ চাহিদা একেবাৰে নাই। চৰকাৰে শেষতীয়া ঘোষণা কৰা নিৰ্দেশনাত বাৰু ভালেই লাগিছে। এইবাৰ গ্ৰাহকৰ আগতীয়া বন্দবস্তও আগৰ তুলনাত যথেষ্ট কম। চৰকাৰে অলপ সহযোগিতা আগবঢ়ালে আমি বহু সকাহ আৰু উৎসাহিত হম।” এই বুলি স্পষ্টকৈ মতপোষণ কৰে মৃৎ শিল্পৰ লগত এটা দশকতকৈয়ো অধিক সময় জড়িত হৈ থকা কৃষ্ণ পণ্ডিতে।

উল্লেখ্য যে মাটি চাকি জলোৱা কাৰ্যত অন্তঃনিহিত হৈ আছে আধ্যাত্মিকতা, পূৰ্বপুৰুষীয়া ৰীতি-নীতি আৰু বিভিন্ন বৈজ্ঞানিক দৃষ্টিভংগী। বিভিন্ন ৰং বিৰঙী লাইট, প্লাষ্টিক-বৈদ্যুতিক চাকি আদিবোৰ মাটি চাকিৰ বিকল্প কেতিয়াও হ’ব নোৱাৰে বুলি আজি বৰহোলাৰ একাংশ সচেতন লোক মত ব্যক্ত কৰিছে। গতিকে চাকি নিৰ্মাণকাৰী এইসকল লোকক চৰকাৰৰ সুদৃষ্টি পৰিলে নিশ্চিতভাৱে উপকৃত হ’ব বুলিও প্ৰকাশ কৰিছে বৰহোলাৰ সচেতন ৰাইজে।

Input: অজয় শইকীয়া, নগাবাট

You might also like