নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস পৰিচালনা সমিতিৰে মাজুলী জিলা প্ৰশাসনৰ বৈঠক

১ নৱেম্বৰৰ পৰা মাজুলীত মটৰ চাইকেল চালক সকলে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ মাজুলীত আগন্তুক ৰাস উৎসৱ উদ্‌যাপন সন্দৰ্ভত মাজুলীৰ ৰাস আয়োজক সমিতিসমূহৰ সৈতে আজি আলোচনাত মিলিত হয় মাজুলী জিলা প্ৰশাসন। উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত আজিৰ সভাত বিভিন্ন ৰাসমঞ্চসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ক’ভিড-১৯ অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ মাজত ৰাস উৎসৱ কিদৰে নিয়াৰিকৈ উদ্‌যাপন কৰিব পৰা যাব, সেই বিষয়ে আজিৰ সভাত প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা কৰা হয়। সভাৰ আৰম্ভণিতে যোৱাবছৰ জাৰি কৰা ক’ভিড-১৯’ৰ প্ৰট’কলৰ সবিশেষ ৰাসমঞ্চসমূহৰ বিষয়ববীয়াসকলক অৱগত কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই।

ইয়াৰ পাছত ৰাইজৰ মাজৰ পৰা বহুকেইজন বক্তাই কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। উপস্থিত ৰাইজে মাজুলীৰ চুকে কোণে চলি থকা সুৰাৰ বেহাৰ ওপৰত চোকা দৃষ্টি নিক্ষেপ কৰিবলৈ জিলা প্ৰশাসনক অনুৰোধ জনায়। এই ক্ষেত্ৰত আৰক্ষী অধীক্ষক গৌতম বৰাই সভাৰ জৰিয়তে ৰাইজক অনুৰোধ জনায় যে তেওঁলোকে সুৰাৰ বেহা কৰা ব্যক্তিৰ বিষয়ে যদি কোনোধৰণৰ সম্ভেদ পাই, তেন্তে সেই বিষয়ে তেওঁক পোনপটীয়াকৈ অথবা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে তুৰন্তে অৱগত কৰে যেন। ৰাসৰ সময়ত যান বাহন সম্পৰ্কীয় সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ৰাইজে উল্লেখ কৰোঁতে উপায়ুক্ত মহন্তই সভাক জনায় যে ১ নৱেম্বৰৰ পৰা মাজুলীত মটৰ চাইকেল চালক সকলে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক হ’ব।

ৰাসৰ সময়ত বিশেষ ফেৰী প্ৰদান কৰা বিষয়টি উত্থাপন কৰোঁতে, মাজুলীলৈ আৰু এখন নাও ইতিমধ্যে দিয়া হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে। উপায়ুক্ত গৰাকীয়ে মাজুলী জিলাত ক’ভিড-১৯ প্ৰট’কল অনুসৰণ কৰি মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস উৎসৱৰ পৰম্পৰা অক্ষুন্ন ৰখাত সকলোৰে সহযোগিতা বিচাৰে। শেহতীয়াকৈ চুবুৰীয়া জিলাত ক’ভিড-১৯’ৰ সংক্ৰমণ পুনৰবাৰ বৃদ্ধি পোৱাৰ পাছত মাজুলীত পুনৰ বৃদ্ধি হোৱা আশংকা আছে। এনে অৱস্থাত মাজুলী জিলাক এই অতিমাৰীৰ সংক্ৰমণৰ পৰা মুক্ত কৰি ৰখাৰ বাবে সকলোকে সজাগ-সতৰ্ক হৈ থকাৰ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে।

ইতিমধ্যে ক’ভিড সংক্ৰমণৰ সময়ছোৱাত মাজুলীবাসীয়ে ল’ক ডাউনকে ধৰি ক’ভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় নীতি-নিয়মমূহ শৃংখলিত ভাৱে পালন কৰি, ভেকচিন গ্ৰহণ কৰি ৰাজ্যবাসীৰ আগত আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱাৰ বাবে উপায়ুক্ত গৰাকীয়ে জিলাবাসীৰ শলাগ লয়। এইবাৰ ৰাসৰ ক্ষেত্ৰতো সকলো প্ৰট’কল মানি শৃংখলিত ৰূপত মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ উদযাপন কৰি অসমবাসীৰ সমুখত পুণৰ আন এক উদাহৰণ দাঙি ধৰিবলৈ উপায়ুক্ত গৰাকীয়ে সকলোকে আহ্বান জনায়। এইক্ষেত্ৰত ৰাসৰ আয়োজক সমিতিসমূহলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়োৱা হ’ব বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে। উপায়ুক্তগৰাকীৰ এই আহ্বানলৈ সঁহাৰি দি সভাত ৰাসৰ আয়োজকসকলে চৰকাৰৰ ক’ভিড-১৯ প্ৰট’কল মানিয়েই এইবাৰ জিলাখনত ৰাস উৎসৱ উদযাপন কৰিব বুলি জিলা প্ৰশাসনক অৱগত কৰে।

অসম চৰকাৰৰ ফালৰ পৰা ৰাস সম্বন্ধীয় নীতি নিৰ্দেশনা অহাৰ পাছত, সেইসমূহৰ পালন যাতে একাগ্ৰতাৰে হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ উপায়ুক্ত গৰাকীয়ে অনুৰোধ জনায় | সভাত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস আৰু কাৰ্তিক কলিতা, সদৰ মহকুমাধিপতি ধৃতিমান দাস, চক্ৰ বিষয়া জয়দীপ ৰজক (মাজুলী ৰাজহ চক্ৰ) আৰু নৱজ্যোতি দাস (উজনি মাজুলী ৰাজহ চক্ৰ), বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু মাজুলীৰ বিভিন্ন ৰাসমঞ্চসমূহৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

Input: ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like