বিজনীৰ শিশু কেৱল অসম বা ভাৰততে নহয় বিভিন্ন ৰাষ্ট্ৰত চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছে দুই শিশুৰ ফটো
নিয়মীয়া বাৰ্তা ২নৱেম্বৰ : সমগ্ৰ বিশ্বত ভাইৰেল হৈছে অসমৰ এই দুই কণমানিৰ ফটো। এখন ফটোৱে বিখ্যাত কৰি তুলিছে দুই অখ্যাত শিশুক ৷ চেনেহ আৰু ভাতৃত্ববোধ তথা সম্প্ৰীতিৰ প্ৰতীক হৈ পৰিছে এই দুই শিশুৱে উঠা ফটো ৷আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় হৈছে ফটোৰ আঁৰত থকা দুই শিশু ৷
এই শিশু দুটি হৈছে চিৰাঙৰ বিজনীৰ দুই কণমানি এডউইন সূত্ৰধৰ আৰু ৰিটিচ পোদ্দাৰ প্ৰায় তিনি বছৰ পূৰ্বে দুই শিশুৱে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিছাত উঠিছিল এখন ফটো ৷ হোলীৰ সময়ত উঠা এই ফটোখনত এডউইনে কৃষ্ণৰ বেশ ধাৰণ কৰাৰ লগতে ৰিটিচে মুছলমান সম্প্ৰদায়ৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এই বিশেষ ফটোখন উঠিছিল ৷ চেনেহ, ভাতৃত্ববোধ আৰু সম্প্ৰদায়িক মিলনৰ নিদৰ্শন এই ফটোখন সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতে ক্ৰমাত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰে ৷ অসমৰ লগতে বিভিন্ন ৰাজ্যত এই দুই শিশুৰ ফটো জনপ্ৰিয় হৈ পৰাত বিভিন্ন সময়ত এই ফটোখনক সম্প্ৰীতিৰ নিদৰ্শন হিচাপে দল-সংগঠনে বেনাৰ-পোষ্টাৰ আদিত ব্যৱহৃত কৰিছে ৷অসম , পশ্চিম বংগকে ধৰি বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক নেতাই এই ফটোখন সম্বনয়ৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ লগতে কংগ্ৰেছৰ নেতা তথা সংসদৰ বিৰোধী দলপতি ৰাহুল গান্ধী য়েও নিজৰ টুইটাৰ একাউণ্টত ফটোখন পোষ্ট কৰিছে ৷ দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ফটোখন স্থান দখল কৰাৰ লগতে চুবুৰীয়া দেশসমুহতো এই দুই শিশুৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
শেহতীয়াভাৱে বাংলাদেশত সংখ্যালঘু হিন্দু সকলৰ ওপৰত চলা আক্ৰমণৰ বিৰোধ কৰি আৱামী লীগে উলিওৱা বিশাল সমদলত শিশু দুটিৰ ফটো প্লেকাৰ্ড আৰু পোষ্টাৰসমুহত ব্যৱহাৰ কৰি হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি ৰ আহ্বান জনোৱা পৰিলক্ষিত হয় ৷ নিজৰ ফটোখন এইদৰে জনপ্ৰিয় হৈ উঠাৰ কথা জানিব পাৰি আনন্দিত হৈ পৰিছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ক্ৰমে ৰিটিচ আৰু এডইউন ৷ইফালে নিজ পুত্ৰৰ ফটো এইদৰে জনপ্ৰিয় হৈ পৰাত খুবেই সুখী বুলি জানিব দিছে এডইউনৰ পিতৃ ৰণজিত সূত্ৰধৰ আৰু ৰিটিচৰ পিতৃ লিটন পোদ্দাৰে ৷ সম্প্ৰদায়িক সমন্বয়ৰ বাৰ্তা দিয়াৰ উদ্দেশ্যৰে উঠা এই ফটোখনৰ জৰিয়তে সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ গঢ়ি উঠাৰ কামনা কৰে অভিভাৱকদ্বয়ে ৷আনহাতে ফটোগ্ৰাফাৰ তাপস পাল আৰু পৱন ছেত্ৰীয়ে উঠোৱা ফটোখন এইদৰে জনপ্ৰিয় হৈ গৈ থকাত আনন্দিত হোৱা বুলি জানিব দিয়ে ৷ ফটোখন উঠোৱাৰ সময়ৰ পৰিৱেশ আৰু ইয়াৰ উদ্দেশ্যৰ কথা জানিব দি ফটোখনৰ দৰেই সমাজত সম্পীতি বিৰাজ কৰাৰ কামনা কৰিলে তাপস আৰু পৱনে।