হাঁচি নামাৰিবলৈ কি কৰিব?
আপোনাৰ বাৰু ধূলিৰ এলার্জী আছে নেকি? ঘৰৰ ধূলি চাফা কৰোঁতে বা ঘৰ সাৰোঁতে বহুতৰে একেলেথাৰিয়ে হাঁচি আহে৷ কেতিয়াবা বিছনা পাৰি থাকোঁতেও এনে হয়৷ কিয় এনে হয় জানেনে? ঘৰৰ ধূলি বা বিছনাত ‘মাইট’ নামৰ এক শ্রেণীৰ বীজাণু থাকে৷ যিটো আমি খালী চকুৰে দেখা নাপাওঁ৷ এলার্জীপ্রৱণ মানুহৰ শ্বাসনলীত এই চকুৰে মণিব নোৱৰা পোকবিধ প্রৱেশ কৰি মানৱ শৰীৰত যি ক্রিয়া কৰে, তাৰ ফলত হাঁচি–কাহ মাৰিবলৈ ধৰে৷
এয়াৰ কণ্ডিচনাৰ কোঠাত প্রৱেশ কৰিলেও কেতিয়াবা এনে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়৷ ইয়াৰ পৰা ৰেহাই পাবলৈ বেছি ধূলি থকা ঠাই কাপোৰ বা ব্রাছেৰে কোবাই ধূলি উৰাই নিদি লাহেকৈ মচি আনক৷ আনহাতে বিছনাৰ চাদৰখন বাৰাণ্ডাত জোকাৰি দিয়কচোন৷ কোঠাৰ ভিতৰত হোৱা সমস্যাৰ পৰা বহুখিনি ৰেহাই পাব৷
বহুতৰে নতুনকৈ ৰং দিয়া ঘৰত সোমোৱাৰ লগে লগে হাঁচি আহে আৰু নাকৰ পৰা পানী ওলাবলৈ ধৰে৷ ইয়াৰ কাৰণো এলার্জী হ’ব পাৰে৷ ৰঙৰ গোন্ধ নাকত সোমালে কিছুমান মানুহৰ নাকৰ ভিতৰত এক বিশেষ ধৰণৰ ক্রিয়া হৈ সঘনাই হাঁচি আহিবলৈ ধৰে৷ এনে বিশেষ বস্তুৰ প্রতি যিসকল লোকৰ এলার্জী আছে তেওঁলোকৰহে এই সমস্যাবোৰ হয়৷