ড০ শর্মাৰ চৰকাৰে দুর্নীতি–দালালৰ বিৰুদ্ধে লোৱা স্থিতিৰ প্রতিদান উপ–নির্বাচনৰ ফলাফল
বিজেপি মিত্রজোঁটৰ জয় নহয়, বৃহৎ জয় হৈছেঃ পীয়ূষ হাজৰিকা
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ মঙলবাৰে ফলাফল ঘোষণা হোৱা ৫ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ ফলাফল বিজেপি মিত্রজোঁটৰ জয় নহয়, বৃহৎ জয় হৈছে৷ –এই মন্তব্য ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ নির্বাচনী ফলাফল প্রকাশ হোৱাৰ পিছতেই সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে ২০০১ চনৰ পৰাই প্রতিটো বিধানসভা নির্বাচনতে থাওৰা সমষ্টিত জয়–পৰাজয় দুই হাজাৰৰ পৰা তিনি হাজাৰ ভোটৰ ব্যৱধানত সীমাবদ্ধ আছিল৷ মৰিয়নি সমষ্টিতো দুই হাজাৰৰ পৰা আঢ়ৈ হাজাৰ ভোটৰ ব্যৱধানত জয়–পৰাজয় হৈ আছিল৷ কিন্তু এইবাৰ উপ–নির্বাচনত থাওৰা সমষ্টিত প্রায় ৩১ হাজাৰ আৰু মৰিয়নি সমষ্টিত ৪০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি প্রার্থীয়ে জয়লাভ কৰিছে৷ ভৱানীপুৰ সমষ্টিত বিজেপি মিত্রদল জয়ী হোৱা নাছিল৷
যোৱা বিধানসভা নির্বাচনত গোসাঁইগাঁও সমষ্টিত বিজেপি মিত্রজোঁট পৰাজিত হৈছিল৷ কেৱল তামুলপুৰতহে বিজেপি মিত্রজোঁটে জয়লাভ কৰিছিল৷ কিন্তু এইবাৰ অভিলেখ ভোটৰ ব্যৱধানত আটাইকেইটা সমষ্টিতে বিজেপি মিত্রজোঁটে জয়লাভ কৰিছে৷ যোৱা ৬টা মাহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দুর্নীতি–দালালৰাজ ৰোধ কৰাৰ লগতে কাম নকৰা মানুহৰ বিৰুদ্ধে যি কঠোৰ পদক্ষেপ লৈছে, অসমবাসীয়ে সেই পদক্ষেপক আঁকোৱালি লৈছে৷ মুখ্যমন্ত্রী ড০ শর্মা চৰকাৰৰ সেই কঠোৰ পদক্ষেপৰ প্রতিদান হিচাপেই এই উপ–নির্বাচনত বিজেপি মিত্রজোঁটে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে৷