নগাঁৱত ফটকা-আতচবাজীৰ বৃহৎ বজাৰঃ চৰকাৰী বিধি উলংঘাৰ অভিযোগ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীক কেন্দ্ৰ কৰি আজি নগাঁও জিলাৰ বজাৰ সমূহত ভিৰ পৰিলক্ষিত হয় ৷ আজি পুৱাৰে পৰাই ফটাকাৰ বিপনী সমূহত গ্ৰাহকে আতচবাজী, ফটকা বিভিন্ন ৰং বিৰঙৰ বৈদ্যুতিক লাইট ক্ৰয় কৰা দেখা যায় ৷
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আতচবাজীৰ অন্যতম বৃহৎ বজাৰ হিচাপে খ্যাত নগাঁও চহৰত পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত পূৰ্বৰ দৰে এইবাৰো ফটকা-আতচবাজীৰ ব্যাপক চাহিদা পৰিলক্ষিত হৈছে যদিও বিক্ৰী হাৰ কিছু কম হৈছে ৷ ইতিমধ্যে চহৰখনৰ হয়বৰগাঁও আৰু বৰবজাৰ আদি এলেকাত ফটকা- আতচবাজীৰ পাইকাৰী ব্যৱসায়ী সকলে কোটি কোটি টকাৰ আতচবাজীৰ ৰমৰমীয়া ব্যৱসায় চলাইছে । কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জাননী, সকলো ধৰণৰ চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘা কৰি নগাঁও চহৰৰ একাধিক আৱাসিক এলেকাতে ফটকা আৰু আতচবাজীৰ প্ৰকাণ্ড প্ৰকাণ্ড গুদাম স্থাপন কৰি সেই গুদামতে বহি: ৰাজ্যৰ পৰা আমদানি কৰি অনা ফটকা-আতচবাজী মজুত ৰাখি কোটি কোটি টকাৰ ব্যৱসায় চলাই আছে একাংশ ফটকা ব্যৱসায়ীয়ে।ইতিমধ্যেই তামিলনাডুৰ শিৱাকাচী আৰু পশ্চিমবঙ্গৰ কলকতাৰ পৰা নগাঁৱৰ ফটকাৰ পাইকাৰী ব্যৱসায়ী সকলে কোটি কোটি টকাৰ বিভিন্ন ফটকা, আতচবাজী আমদানি কৰি আনি নিজা গুদামত মজুত ৰাখি ব্যৱসায় আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
স্মৰ্তব্য যে, প্ৰতি বছৰে শাৰদীয় দুৰ্গা পূজা আৰু দেৱালীৰ দুই-তিনি মাহ পুৰ্বেই নগাঁও চহৰৰ ফটকাৰ পাইকাৰী বজাৰলৈ কোটি কোটি টকাৰ ফটকা-আতচবাজী আমদানি কৰি আনি ব্যৱসায়ী সকলে মজুত কৰি ৰাখে।কিয়নো নগাঁৱৰ ফটকাৰ পাইকাৰী বজাৰ খনৰ পৰাই ৰাজ্য খনৰ বহু জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কে’বাখনো জিলালৈকে ফটকা, আতচবাজীৰ ৰপ্তানি হয়।একাংশ ফটকাৰ ব্যৱসায়ীয়ে বহি:ৰাজ্যৰ পৰা ফটকা আমদানি কৰি অনাৰ ক্ষেত্ৰতো বিষ্ফোৰক সামগ্ৰী কঢ়িয়াই অনাৰ ক্ষেত্ৰত নিৰ্ধাৰিত বিভাগীয় নীতি-নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হয়।কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই সদায় চকুমুদা কুলিৰ ভাওহে ধৰি অাহিছে। ফটকা ব্যৱসায়ী সকলৰ পৰা সংশ্লিষ্ট বিভাগৰ বিষয়া সকলে ধনৰ বিনিময়ত এই সন্দৰ্ভত কোনো ব্যৱস্থা নলয় ৷
ফটকা ব্যৱসায়ী সকলে ব্যৱসায়ৰ বাবে আমদানি কৰি অনা ফটকা, আতচবাজী মজুত কৰি ৰখাৰ ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনীৰ কেতবোৰ নীতি-নিৰ্দেশনাও মানি চলাতো বাধ্যতামূলক।অগ্নিনিৰ্বাপক বাহিনীৰ বিধি অনুসৰি, ফটকাৰ বৃহৎ ব্যৱসায়ী সকলে অগ্নিপ্ৰতিৰোধক গুদামতহে বিক্ৰীৰ বাবে আমদানি কৰি অনা ফটকা-আতচবাজী সম্পূৰ্ণ সুৰক্ষিত ভাৱে মজুত কৰি ৰখাটো বাধ্যতামূলক।কিন্তু নগাঁৱৰ কোনো এজন ফটকাৰ ব্যৱসায়ীৰেই তেনে ধৰণৰ বিশেষ সুৰক্ষা প্ৰদান কৰিব পৰা ফটকাৰ গুদাম ঘৰ নাই।তাৰোপৰি, কোনো আৱাসিক এলেকাত ফটকা-আতচবাজীৰ বৃহৎ গুদাম ৰাখিব নোৱাৰে যদিও চৰকাৰী বিধি উলংঘা কৰি নগাঁৱৰ ফটকা – আতচবাজীৰ ব্যৱসায়ী সকলে নগাঁও চহৰৰ অতি ব্যস্ততম ঘণ বসতি প্ৰধান আৱাসিক এলেকাতেই ফটকা-আতচবাজীৰ প্ৰকাণ্ড প্ৰকাণ্ড গুদাম স্থাপন কৰি তাতেই কোটি কোটি টকাৰ ফটকা-আতচবাজী মজুত কৰি ৰখা পৰিলক্ষিত হৈছে।আৱাসিক এলেকাত থকা ফটকা-আতচবাজীৰ গুদামঘৰ সমূহ স্হানান্তৰ কৰোৱাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে আজিলৈকে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই ফটকা ব্যৱসায়ী সকলক।
ইপিনে, নগাঁও চহৰৰ একাংশ ফটকাৰ ব্যৱসায়ীয়ে দেৱালীৰ বতৰত ব্যৱসায়ৰ বাবে লাখ লাখ টকাৰ চীনা ফটকা-আতচবাজী চোৰাংকৈ আমদানি কৰি আনি গোপনে মজুত কৰি ৰখা বুলিও জানিব পৰা গৈছে।চীনা ফটকা-আতচবাজীৰ চোৰাং ব্যৱসায়ী সকলে ইতিমধ্যেই ব্যৱসায় আৰম্ভ কৰিছে।উল্লেখ্য যে, কেৱল নগাঁও চহৰতেই প্ৰায় তিনি শতাধিক ফটকা-আতচবাজীৰ খুচুৰা ব্যৱসায়ীয়ে দেৱালীৰ সময়ত ফটকা-আতচবাজী বিক্ৰী কৰে।কিন্তু এওঁলোকৰ নৱৈ শতাংশৰেই নাই বিক্ৰীৰ অনুঞ্জাপত্ৰ।চহৰ খনত স্হায়ী অনুঞ্জাপত্ৰ নথকা, অনুঞ্জাপত্ৰ নৱীকৰণ নকৰা কেতবোৰ ফটকা ব্যৱসায়ীক প্ৰতিষ্ঠানে প্ৰশাসনৰ একাংশ বিষয়া, আৰক্ষী, কেন্দ্ৰীয় আবকাৰী শুক্ল বিভাগ, বি আই ই অ’ৰ একাংশ বিষয়াক মেনেজ কৰি চৰকাৰী অনুঞ্জাপত্ৰ অবিহনেই বছৰ বছৰ ধৰি ফটকা-আতচবাজীৰ ব্যৱসায় চলাই আহিছে।যাৰ ফলত চৰকাৰে লাখ লাখ টকাৰ ৰাজহৰ পৰাও বঞ্চিত হ’ব লগীয়া হৈছে।আনহাতে, উচ্চ শব্দ প্ৰাৱল্যৰ ফটকা বিক্ৰীৰ ক্ষেত্ৰত প্ৰতি বছৰেই নিষেধাজ্ঞা থাকে যদিও এই নিষেধাজ্ঞা প্ৰতি বছৰেই ধোঁৱাচাঙত উঠা পৰিলক্ষিত হয়।