নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিগম–নিকায়ৰ ৩৬গৰাকীক অধ্যক্ষ নিযুক্তি

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ দীপাৱলীৰ প্রাক্ক্ষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে বর্তমানৰ চাৰি বিধায়ক, ১৩ প্রাক্তন বিধায়ককে ধৰি বিজেপি মিত্রজোঁটৰ মুঠ ৩৫গৰাকী নেতা আৰু এজন অৱসৰপ্রাপ্ত আই এ এছ বিষয়াক বিভিন্ন নিগম–নিকায়ৰ অধ্যক্ষ পদত নিযুক্তি দিয়ে৷ শদিয়াৰ বিধায়ক বলীন চেতিয়াক অসম গেছ কোম্পানী লিমিটেড, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক অসম ভৈয়াম জনজাতি উন্নয়ন নিগম, ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙক অসম পার্বত্য ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম আৰু ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনক অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে৷ সেইদৰে প্রাক্তন বিধায়ক নাৰায়ণ ডেকাক গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী (জি এম ডি এ), গুৰুজ্যোতি দাসক অসম মীন উন্নয়ন নিগম, নৱনীতা সন্দিকৈক অসম ৰাজ্যিক অন্যান্য পিছপৰা শ্রেণী উন্নয়ন নিগম, অশোক সিংহীক মার্কেটিং কর্প’ৰেচন, ঋতুপর্ণ বৰুৱাক অসম পর্যটন উন্নয়ন নিগম, ৰাজদীপ গোৱালাক অসম চাহ নিগম, মিছন ৰঞ্জন দাসক অসম ৰাজ্যিক পৰিবহণ নিগম, হিৰণ্য কোঁৱৰক অসম হাইড্র’কার্বন এনার্জী কোম্পানী লিমিটেড, সুশীলা হাজৰিকাক ফিছফেড, শিলাদিত্য দেৱক অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ড, প্রবীণ হাজৰিকাক অসম বীজ নিগম, ডাঃ কমলা কলিতাক খাদী আৰু গ্রমোদ্যোগ ব’ড আৰু নাথুৰাম বড়োক আর্টফেডৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷

একেদৰে বিজেপি আৰু মিত্রজোঁটৰ নেতা ক্রমে জয়ন্ত দাসক অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম, বিজয় গুপ্তাক অসম বিত্তীয় নিগম, সীমান্ত শেখৰক অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম, ৰূপম গোস্বামীক ডি এন পি লিমিটেড, পুলক গোহাঁইক অসম ৰাজ্যিক হাউছিং ব’ড, কিশোৰ উপাধ্যায়ক অসম ক্ষুদ্র উদ্যোগ উন্নয়ন নিগম, নীৰেন বৈশ্যক অসম পণ্যাগাৰ নিগম, মৃদুলা বৰকাকতিক অসম ৰাজ্যিক প্র’হিবিচন কাউন্সিল, ৰণগৌৰা নার্জাৰীক অসম খনিজ উন্নয়ন নিগম, প্রদীপ ঠাকুৰীয়াক জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, হেমপ্রভা বৰঠাকুৰক অসম ৰাজ্যিক মহিলা আয়োগ, হাবিব মহম্মদ চৌধুৰীক অসম সংখ্যালঘু উন্নয়ন পৰিষদ, মনোজ শইকীয়াক অসম পশুধন আৰু হাঁহ–কুকুৰা উন্নয়ন নিগম, সুনীল ডেকাক আছাম ষ্টেট প্রমোচন অর্গেনাইজেচনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ অনুৰূপ ধৰণে পৱিত্র মার্ঘেৰিটাক অসম ৰাজ্যিক ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা কমিটীৰ সদস্য সচিব, ৰঞ্জিত মজুমদাৰক ভি ডি পিৰ ডেপুটী এডভাইজাৰ, লক্ষ্য কোঁৱৰক স্প’টছ অথৰিটী অৱ আছামৰ উপাধ্যক্ষ আৰু জিতুল সোণোৱালক শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র ছ’চাইটীৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে৷ সেইদৰে অৱসৰপ্রাপ্ত আই এ এছ বিষয়া সঞ্জীৱ কুমাৰক আছাম পাৱাৰ জেনেৰেচন কর্প’ৰেচন লিমিটেড (এ পি জি চি এল)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে৷

You might also like