নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৃতি দিৱসত সুধাকণ্ঠলৈ অনুপম শ্ৰদ্ধাঞ্জলি ভূপেন্দ্ৰ সংগীতৰ নতুন যাত্ৰা: সংস্কৃতত ‘মই এটি যাযাবৰ’ আৰু ‘বিমূৰ্ত মোৰ নিশাটি যেন’

নিয়মীয়া বাৰ্তা    ,৪নৱেম্বৰ:: সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ দশম মৃত্যুদিৱস উপলক্ষ্যে দুটি বিশ্বমানৰ আৰু বিশ্বভাৱৰ কালজয়ী গীত- ‘মই এটি যাযাবৰ’ আৰু ‘বিমূৰ্ত মোৰ নিশাটি’ সংস্কৃত ৰূপান্তৰ পৰিবেশন কৰি শিল্পীজনালৈ অনবদ্য শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে- সংস্কৃত গীতৰ বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱা আৰু ঋতুৰাণী মৌচুমীয়ে।

গীতদুটি অহা ৫ ছেপ্টেম্বৰ আৰু তাৰ পৰৱৰ্তী সময়ত দিল্লী দূৰদৰ্শনৰ উপৰি ইউটিউবকে ধৰি বিভিন্ন ডিজিটেল মাধ্যম তথা সামাজিক মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ কথা।
‘অহো’হং যাযাবৰ:’ আৰু ‘বিমূৰ্তামিৱ মন্যে নিশাম্’ শীৰ্ষক এই গীতদুটিৰ সংস্কৃত অনুবাদ ৰঞ্জন বেজবৰুৱাৰ। সংগীত পুন: সংযোজন ক্ৰমে অভিষেক ধৰ আৰু যাদৱ তামুলীৰ। ধ্বনি মিশ্ৰণ তথা ‘মাষ্টাৰিং’ যথাক্ৰমে শিল্পী অভিষেক ধৰ আৰু মানস হাজৰিকাৰ। বাণীবন্ধন- নগাঁৱৰ ‘সংগীত অ’ডিঅ’ লেব’ আৰু গুৱাহাটীৰ ‘ষ্টুডিঅ’ চিকমিক”ত।
উল্লেখ্যে যে দীৰ্ঘদিন ধৰি মূলতঃ সংস্কৃত ৰূপান্তৰেৰে অসমীয়া তথা ভাৰতীয় সংগীতলৈ বিশেষ অৰিহণা আগবঢ়াই অহা ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংস্কৃত গীতৰ শিল্পী ৰঞ্জন বেজবৰুৱাৰ এই ‘সংস্কৃত ‘ভূপেন্দ্ৰ সংগীতে’ বহি: অসমত ভূপেন হাজৰিকাৰ গীতৰ চিৰ-আধুনিকতা আৰু বিশ্বজনীনতাক পুনৰবাৰ প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে।

You might also like