নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত অৰুণাচল প্রদেশত সামৰিক আক্রমণৰ ভাবুকি

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ লাডাখৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশলৈকে এল এ চিত সেনাৰ শক্তি বৃদ্ধি কৰা ৰঙা চীনে এইবাৰ ভাৰতৰ বিৰুদ্ধে অনলাইন ষড়যন্ত্রত লিপ্ত হৈছে৷ ছ’চিয়েল মিডিয়াযোগে ৰঙা চীনে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশ আক্রমণৰ ভাবুকি দিছে৷ ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াযোগে ৰঙা চীনে নির্ধাৰিত তাৰিখ নথকা ভিডিঅ’ আৰু আলোকচিত্র প্রচাৰ কৰিছে৷ এই ভিডিঅ’ আলোকচিত্রত চীনৰ পিএলএই ভাৰতৰ সীমান্তত যুদ্ধৰ অনুশীলন চলাই থকা প্রত্যক্ষ কৰা হৈছে৷ দ্য ইক’নমিক্স টাইমছত প্রকাশিত বাতৰি মতে চীনত সাধাৰণতে ছ’চিয়েল মিডিয়া টুইটাৰ নিষিদ্ধ যদিও এই টুইটাৰতেই ভাৰতীয় সীমান্তত পি এল এই যুদ্ধৰ কুচকাৱাজ চলোৱা ভিডি’ আৰু আলোকচিত্র ধাৰাবাহিকভাৱে প্রচাৰ হৈ আছে৷ অনলাইনত ভাৰতৰ বিৰুদ্ধে এই ষড়যন্ত্র চলোৱাৰ পাছতেই ভাৰতীয় সেনাই টুইটাৰত সূক্ষ্ম নিৰীক্ষণ ৰখাই নহয়, অৰুণাচল প্রদেশ আৰু লাডাখত ভাৰতীয় সেনা হাই এলার্ট হৈ আছে৷

মন কৰিবলগীয়া যে চীনে ভাৰতীয় সীমান্তৰ সংলগ্ণ তিব্বতত দেশখনৰ সেনাৰ শক্তি বৃদ্ধি কৰাৰ লগতে যুদ্ধাস্ত্রৰ পৰিমাণ বৃদ্ধি কৰিছে৷ ইপিনে, আমেৰিকা যুক্তৰাষ্ট্রৰ পেণ্টাগনে ভাৰতৰ সীমান্তৰ বিশেষকৈ এল এ চিৰ সমীপত কৌশলগতভাৱে চীনে শক্তি বৃদ্ধি কৰি থাকি ভাৰতক শংকাত পেলোৱাৰ ষড়যন্ত্র চলাই থকা বুলি দাখিল কৰা প্রতিবেদনক লৈ উদ্বিগ্ণ নতুন দিল্লীয়ে পুনৰ চীনৰ অনলাইন ষড়যন্ত্র পোহৰলৈ অহাত সীমান্তত সেনাক হাই এলার্ট কৰি ৰাখিছে৷ এল এ চিৰ সমীপত চীনে আন্তঃগাঁথনি নির্মাণ প্রক্রিয়া চলাই থকাৰ লগতে অৰুণাচল প্রদেশৰ এল এ চিৰ সমীপত ১০০ বাসগৃহৰ গাঁও স্থাপন কৰিছে৷ এই প্রক্রিয়াৰে চীনে ভাৰতৰ সীমান্তৰ ভূমি দাবী কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰি থকাৰো সন্দেহ প্রকাশ কৰা হৈছে৷ কিয়নো বিগত দশক দশক ধৰি চীনে এল এ চিৰ বিবদমান ভূমি নিজৰ বুলি দাবী কৰি আহিছে৷ অৰুণাচল প্রদেশক চীনে নিজৰ ভূমি বুলি দাবী কৰি অহাৰ সময়তে অনলাইনযোগে অৰুণাচলক সামৰিক আক্রমণৰ ভাবুকি দিয়া চীনক প্রতিহত কৰাৰ বাবে ভাৰতেও সীমান্তত সমৰসজ্জাৰে সাজু হৈ আছে৷

You might also like