নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ মহানগৰীৰ বেলতলাৰ চন্দন নগৰত বৰুৱা দম্পতীক হত্যা কৰা ঘটনাই লৈছে নতুন মোৰ৷ নিশা শুই থকা অৱস্থাতে হত্যাৰ বলি হোৱা বৰুৱা দম্পতীৰ প্রকৃত হত্যাকাৰী তেওঁলোকৰ ঘৰত থকা আকাশ চৌধুৰী হয় নে নহয়, তাক লৈ উত্থাপন হৈছে প্রশ্ণ৷ কিয়নো আজি আদালতত হাজিৰ কৰোৱাৰ সময়ত এই গোচৰটোৰ মূল অভিযুক্ত আকাশ চৌধুৰীয়ে তেওঁ হত্যাকাণ্ড সংঘটিত কৰা নাই বুলি বিস্ফোৰক মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত৷ কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত ধৃত আকাশ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এইবুলি কয়– ‘সন্তানৰ নামত শপত খাই কৈছোঁ, মই হত্যা কৰা নাই৷ আৰক্ষীৰ কোবৰ বাবেহে মই হত্যা কৰা বুলি কৈছোঁ৷ মোক ইমান মাৰিছে যে ভালদৰে খোজেই কাঢ়িব পৰা নাই৷’
উল্লেখ্য যে যোৱা ২৬ অক্টোবৰৰ নিশা শুই থকা অৱস্থাতে বাসগৃহত বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মিনা বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ ৮০ৰ ঊর্ধ্বৰ দম্পতীৰ হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰে৷ অকলশৰীয়াকৈ বাস কৰা এই বৃদ্ধ দম্পতীক কোনে হত্যা কৰিছিল, তাক লৈ নানা প্রশ্ণ উত্থাপন হৈছিল৷ প্রথমতে, ডকাইতিৰ লক্ষ্যৰে দুর্বত্তই তেওঁলোকক চোকা অস্ত্রৰে আঘাত কৰি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল৷ অৱশ্যে পৰৱর্তী সময়ত বৃদ্ধ দম্পতীৰ চোৱাচিতা কৰাৰ বাবে একেটা চৌহদতে বাস কৰা আকাশ চৌধুৰী আৰু তেওঁৰ পত্নীক দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ পৰৱর্তী সময়ত মহানগৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল যে বৰুৱা দম্পতীৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীয়েই হত্যা কৰিছিল৷ অৱশ্যে এক বিশেষ কাৰণত কি উদ্দেশ্যে আকাশ চৌধুৰীয়ে ননীগোপাল বৰুৱা আৰু মিনা বৰুৱাক হত্যা কৰিছিল, সেয়া প্রকাশ কৰাৰ পৰা বিৰত আছিল মহানগৰ আৰক্ষী৷
ইয়াৰ লগে লগে এই হত্যাকাণ্ডৰ ৰহস্য ফাদিল হোৱা বুলি ভবা হৈছিল৷ কিন্তু আজি আদালত চৌহদত সংবাদ মাধ্যমৰ আগত মূল অভিযুক্ত আকাশ চৌধুৰীয়ে কৰা মন্তব্যই সমগ্র ঘটনাক আন এটা দিশলৈ ঠেলি দিছে৷ সমান্তৰালভাৱে আৰক্ষীৰ তদন্তত বহিঃৰাজ্য আৰু বিদেশত বাস কৰা বৰুৱাৰ দুই জীয়ৰীয়েও অসন্তুষ্টি প্রকাশ কৰিছে৷ পাৰিবাৰিক কাৰণত কোনোবাই উদ্দেশ্যপ্রণোদিতভাৱে বৰুৱা দম্পতীক হত্যা কৰাৰ আশংকাও ব্যক্ত কৰিছিল দুই কন্যাই৷ অৱশ্যে আৰক্ষীৰ পৰৱর্তী তদন্ততহে পোহৰলৈ আহিব সমগ্র ঘটনা৷