নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডু কলপৰা গাঁ‌ৱত লোমহৰ্ষক হত্যাকাণ্ডঃ নিজ মহায়েকে হত্যা কৰিলে ভাগিনীয়েকক

নিয়মীয়া বাৰ্তা, ৯ নবেম্বৰ : মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ১নং কলপৰা গাঁ‌ৱত এটি ১০ বছৰীয়া শিশুৰ নৃশংস হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ অঞ্চলটি ‌। জানিব পৰা মতে কলপৰা অঞ্চলৰ যুৱক বিক্ৰম দাসে যোৱা এসপ্তাহ পূৰ্বে পূজা ফুৰাবৰ বাবে জাগুনৰ নিবাসী মণ্টু দাস আৰু উমা দাসৰ (জাশাশুৱেকৰ )পূত্ৰক মাৰ্ঘেৰিটাৰ মোমায়েকৰ ঘৰৰ পৰা নিজা গৃহলৈ বুলি লৈ আনিছিল ।

১০ বছৰীয়া ৰাহুল দাসে নিজ মহায়েকৰ লগত ভালদৰে পূজা উপভোগ কৰিছিল যদিও কালি আচম্বিতে শিশুটি নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰে । বিক্ৰমৰ লগতে ঘূৰি ফুৰা দেৱ শিশুটিৰ এনে নিৰুদ্দেশৰ বাবে সকলোৱে বিক্ৰমকে সন্দেহ কৰাত নিশা পৰিয়ালৰ লোকে লিডু আৰক্ষীৰ সহায় বিচাৰে ।

অৱশেষত আৰক্ষীৰ জোৰদাৰ তদন্তৰ পিছত আজি শিশুটিৰ মৃতদেহ গাওঁখনৰে এটি পৰিয়ালৰ বাৰীত উদ্ধাৰ হোৱাৰ লগতে হত্যাকাণ্ডৰ মূল নায়ক বিক্ৰম দাস বুলি চিনাক্ত হয়। আনহাতে আজি একাংশ উত্তেজিত জনতাই হত্যা কাৰী জনৰ গৃহটি জ্বলাই দিবলৈ চেষ্টা কৰে যদিও স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয় ।

শেহতীয়াকৈ ঘটনাটি পাৰিবাৰিক সংঘাটৰ বাবে সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে । ইতিমধ্যেই লিডু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ৰাহুলৰ এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলৰ জোকাৰি যোৱাৰ লগতে অঞ্চলতো বৰ্তমানেও চেপা উত্তেজনা বিৰাজ কৰি আছে। স্থানীয় ৰাইজে মানুহৰ সম্পৰ্কত আঘাত হনা ঘাটক মহায়েকে বিক্ৰমক কঠোৰ শাস্তীৰ দাবী উত্থাপন কৰিছে।

ইফালে লিডু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভাগিনেয়ক হত্যাকাৰী বিক্ৰম দাসক আজি সন্ধিয়া প্ৰাথমিক চিকিৎসাৰ বাবে অনাৰ সময়ত এজন আৰক্ষী জোৱানক নাকত ঘোচা মাৰি পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে তিনি জাই গুলি কৰে যদিও এটা গুলি বিক্ৰমৰ ভৰিত লাগে। ইতিমধ্যেই উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে বিক্ৰমক। ঘটনাটোত এজন আৰক্ষী কনিষ্টবল মানিক চন্দ্ৰ দাস আঘাটপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ।

input:মাৰ্ঘেৰিটাৰ পৰা মানস প্ৰতিম গগৈ

You might also like