নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত কৃষক দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৯ নবেম্বৰ : “বহুমুখী কৃষিকাৰ্যৰ জৰিয়তে আয় বৃদ্ধি কৰি কৃষকসকলে নিজকে আত্মবিশ্বাসী কৰি কৃষিক এক সন্মানজনক বৃত্তি হিচাপে গ্ৰহণ কৰিব লাগিব । পৰম্পৰাগত কৃষিৰ দৰে কেৱল ধানখেতিকে খেতি বুলি ভবাৰ পৰিবৰ্তে আধুনিক পদ্ধতিৰে অধিক উৎপাদন লাভ কৰাৰ দিশত অগ্ৰসৰ হ’ব লাগিব ।” যোৰহাটৰ তিতাবৰস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত আজি অনুষ্ঠিত কৃষক দিৱসৰ কাৰ্যসূচীত অংশ লৈ এই মত ব্যক্ত কৰে কৃষিমন্ত্ৰী অতুল বৰাই ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গৱেষণা কেন্দ্ৰটোৰ মুল চৌহদত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ প্ৰসংগত তেখেতে লগতে কয় যে বতৰ পৰিবৰ্তনৰ প্ৰেক্ষাপটত আমি নতুন ধৰণেৰে আধুনিক কৃষিৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি স্বাবলম্বী হৈ ৰপ্তানি বৃদ্ধিত গুৰুত্ব দিব লাগিব ।হাহকুকুৰা পালন , গাহৰি পালন , মাছ পালন আদিকো অধিকভাবে কৰি কৃষকে আয় বৃদ্ধি কৰিব লাগিব । গাখীৰ- মাংস-কণীৰ ক্ষেত্ৰত ৰাজ্যখনক স্বাবলম্বী কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমুহত কৃষক সকলৰ বাবে চৰকাৰীভাবে আগবঢ়োৱা সুবিধাসমুহ গ্ৰহণ কৰি সহযোগ কৰিবলৈকো আহ্বান জনাই ।প্ৰাৰম্ভিকভাবে কৃষকৰ আয় দুগুণ কৰাৰ দিশত শ্ৰম কৰিব লাগিব বুলি কয় ।

তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াই উদ্দেশ্য বাখ্যা কৰা কৃষক দিৱসৰ মুল সভাখনত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে আন্তৰাষ্ট্ৰীয় বজাৰত যথেষ্ট সমাদৰ থকা কলা ধানৰ নতুন জাত বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে । মধুমেহ ৰোগ প্ৰতিৰোধী ভাত খাব পৰা এই ক’লাধানে অসমৰ কৃষিক্ষেত্ৰত বৈপ্লবিক পৰিবৰ্তন সাধনৰ লগতে আন্তৰাষ্ট্ৰীয় বজাৰত সমাদৰ পাব বুলি আশা কৰা হৈছে । দুতৰপীয়া খেতিৰ বাবে সহায়ক হোৱাকৈ নুমলী নামৰ এটা জাত অহাবছৰ কৃষকৰ বাবে দিয়া হব।

তাৰোপৰি অন্য এটা জাতৰো অহা দুবছৰৰ ভিতৰত কৃষকক দিয়া হব । কৃষিক্ষেত্ৰত অহা আধুনিক পৰিবৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে সচৰাচৰ ইউৰিয়াৰ বিকল্প নেন ইউৰিয়া বজাৰলৈ আহিছে । ভাৰততো নেন ইউৰিয়াৰ উৎপাদন আৰু ব্যৱসায় আৰম্ভ হৈছে । নেন ইউৰিয়াৰ ফেক্টৰী অসমতো হব লাগে বুলি দাবী উত্থাপন হৈছে । তেনেদৰে ডি এ পিৰ নেন উৎপাদনৰ দিশত গৱেষণা চলি আছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য্যই আদৰণি ভাষণত কয় যে তিতাবৰ আঞ্চলিক গৱেষণা কেন্দ্ৰই ইতিমধ্যে ৯৯ বছৰত ভৰি দিছে আৰু এই সুদীৰ্ঘ পৰিক্ৰমাৰে পৃথিৱীৰ ভিতৰত লেখত লবলগীয়া কেন্দ্ৰ হিচাপে বহুবোৰ দিশত সক্ষম হৈছে । সেয়ে অনাগত দিনত এই কেন্দ্ৰটোক স্মাৰ্ট ছিড প্ৰডাকশ্যন চেন্টাৰ হিচাপে গঢ়ি তোলাৰ দিশত সহায় সহযোগ আগবঢ়াবলৈ কৃষিমন্ত্ৰীক অনুৰোধ জনাই ।কৃষক দিৱসৰ কাৰ্যসৃচীত বিশেষভাবে সম্বৰ্ধনা জনোৱা মেৰাপানী ছাওদাঙ পথাৰ গাওৰ প্ৰগতিশীল কৃষক মোহন বৰায়ো নিজৰ কৃষি অভিজ্ঞতা আৰু আধুনিক কৃষিৰ জৰিয়তে উপকৃত হোৱাৰ অভিজ্ঞতা প্ৰকাশ কৰে ।

তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ভাষণ প্ৰসংগত জন্মগতভাবে নিজকে কৃষক বুলি প্ৰকাশ কৰি পৃথিৱীত খেতি কেতিয়াও নাইকীয়া নহয় বুলি কৈ কৃষিত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই ।অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকেও বক্তব্য ৰখা সভাখনত আগন্তুক বৰ্ষত অৱসৰ লবলগীয়া জ্যেষ্ঠ বিজ্ঞানী ড° তপন জ্যোতি ঘোষ,ড° বুবুল চন্দ্ৰ দাস আৰু জ্যেষ্ঠ ষ্টেনগ্ৰাফাৰ ৰঞ্জন কুমাৰ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । সভাখনত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মণ আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোঁহাই এ অংশ গ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে কৃষক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী মুকলি কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বহুসংখ্যক বিজ্ঞানী , গৱেষক, বিভাগীয় মুৰব্বী উপস্থিত থাকে । সভাত প্ৰদৰ্শনীত প্ৰথম স্থান লাভ কৰা যোৰহাট কৃষি গৱেষণা কেন্দ্ৰ , দ্বিতীয় স্থান যুটীয়াভাবে লাভ কৰা এৰি মুগা গৱেষণা কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ , তৃতীয় স্থান যুটীয়াভাবে লাভ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্পৰ অন্তৰ্গত ঘাহ গৱেষণা কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ব বিভাগক মানপত্ৰ প্ৰদান কৰা হয় ।

You might also like