‘চাউথ এছিয়ান ফ্ৰেটাৰনিটি’ৰ আন্ত:ৰাষ্ট্ৰীয় মঞ্চত ভূপেন্দ্ৰ সংগীতৰ সংস্কৃত ৰূপান্তৰৰ আধাৰত নৃত্য পৰিৱেশন
শিল্পী ইলোৰা বৰাৰ সত্ৰীয়া নৃত্য আৰু ৰঞ্জন বেজবৰুৱাৰ সংস্কৃত গীতৰ যুগলবন্দী
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত বিভেদৰ প্ৰাচীৰ ভাঙি- ভ্ৰাতৃত্ব আৰু সহমৰ্মিতা বৃদ্ধি কৰাৰ লক্ষ্যেৰে স্থাপিত আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠান ‘চাউথ এছিয়ান ফ্ৰেটাৰনিটি’ৰ সৌজন্যত আৰু ‘গান্ধী পীচ ফাউণ্ডেশ্বন’ৰ উদ্যোগত নতুন দিল্লীৰ লাজপত নগৰত তিনি দিনীয়াকৈ আয়োজিত ‘দক্ষিণ এছীয় বন্ধুত্ব সন্মিলন’ত ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত- ‘সাগৰ সংগমত’ আৰু ‘ৰিম ঝিম ৰিম ঝিম বৰষুণে’ৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপান্তৰ (‘সাগৰসংগমম্ তৰন্ অজস্ৰম্’ আৰু “ৰিম-ঝিম্-ৰিম্-ঝিম্-বৰ্ষণে’) শিল্পী ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত আধাৰত ৮ নৱেম্বৰ তাৰিখে নৃত্য পৰিৱেশন কৰে ভাৰতনাট্যম্ আৰু সত্ৰীয়া নৃত্যৰ যশস্বী শিল্পী নগাঁৱৰ ইলোৰা বৰাই।
ভাৰত, পাকিস্তান, আফগানিস্তান, নেপাল, থাইলেণ্ডকে ধৰি ভালে কেইখন দেশৰ বিভিন্ন নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰা জ্ঞান-বিদ্যা, কলা-কৃষ্টিৰ বাৰেৰহণীয়া কাৰ্যসূচীত এই ‘দক্ষিণ এছীয় বন্ধুত্ব সন্মিলন’ত অসমীয়া সংগীত-নৃত্যই স্থান পোৱাটো নি:সন্দেহে উল্লেখযোগ্য আৰু আদৰণীয় বুলি বিৱেচিত হৈছে। চেন্নাইৰ নৃত্য কলাক্ষেত্ৰৰ ছাত্ৰী আৰু নগাঁৱৰ নৃত্য কলাক্ষেত্ৰৰ অধ্যক্ষা গুৰু ইলোৰা বৰাই ইয়াৰ পূৰ্বে ছোভিয়েট ৰাছিয়াতো ভূপেন হাজৰিকাৰ গীতৰ সংস্কৃত ৰূপত ভাৰতনাট্যম্ পৰিৱেশন কৰিছিল।