নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত কমলাবাৰী পাৰ ঘাটৰ সমীপৰ মাজৰ চাপৰিৰ পৰা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: সত্ৰভুমী মাজুলীত সুৰা নিষিদ্ধ হোৱা স্বত্বেও অবৈধ মদৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকাৰ সন্দৰ্ভত সময়ে সময়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে যদিও আজি পৰ্যন্ত এই সুৰা বিক্ৰী ৰোধ কৰাত ব্যৰ্থ মাজুলীৰ জিলা প্ৰশাসন । মদৰ বাবেই মাজুলীৰ যুৱ প্ৰজন্মৰ মাজৰ পৰা বহু সম্ভাৱনীয়তা থকা যুৱক অকালতে সঘন দুৰ্ঘটনাৰ ফলত হেৰাই যাবলৈ ধৰিছে । সুৰা সেৱন কৰি গাড়ী চলোৱাৰ বাবেই পূৰ্বতকৈ মাজুলীত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। তেনে সময়তে এই চোৰাং বিলাতী সুৰা সৰবৰাহৰ খবৰ পাই মাজুলী থানাৰ অন্তৰ্গত কমলাবাৰী পাৰ ঘাটৰ সমীপৰ মাজৰ চাপৰিৰ পৰা মাজুলী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত যোৱাকালি সন্ধিয়া ৮ বজাত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰে হাত নাৱত অনা হৈছিল এই চুৰাং সুৰা সমুহ। আৰক্ষীৰ অভিযানত মেগদুৱেলৰ ৯ টা ফুল বটল,৭ টা হাফৰ বটল,১৮২ টা কোৱাটাৰ বটল , বিয়েৰ ১১০ বটল,আই বি ব্লেকৰ ৮৪ টা কুৱাটাৰ ,৩৯ টা হাফ আৰু আৰ এছৰ ৭ টাকৈ কোৱাটাৰৰ বটল অথাৎ প্ৰায় ৩০,০০০ টকাৰ সুৰা জব্দ কৰি থানালৈ লৈ অহা বুলি জানিব পৰা গৈছে।অভিযান কালত হাত নাঁও আৰু সুৰাৰ বাদে কোনো লোকক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

input: প্ৰাঞ্জল খাউণ্ড 

You might also like