অসমীয়া চিনেমাৰ বর্তমান
দুদিনমানৰ আগতে ভাৰতৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানৰ ছবিবোৰৰ নাম ঘোষিত হৈছে আৰু এই তালিকাত অসমৰ চাৰিখন ছবিৰ অন্তর্ভুক্তিয়ে সাধাৰণ ৰাইজৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে৷ ইণ্ডিয়ান পেনোৰামাৰ বাবে ছবি নির্বাচন প্রক্রিয়াটো তীব্র প্রতিযোগিতামূলক৷ পেনোৰামাৰ বাবে নির্বাচন কৰা একৈশখন ফিচাৰ ফিল্ম আৰু কুৰিখন নন–ফিচাৰ ফিল্মৰ বাবে প্রতি বিভাগতে প্রায় আঢ়ৈশখন ছবিয়ে প্রতিযোগিতাত অংশগ্রহণ কৰে৷ এই ছবিবোৰৰ মাজৰ পৰা প্রতিযোগিতাত উত্তীর্ণ হৈ এখন নন–ফিচাৰ আৰু তিনিখন ফিচাৰ ফিল্মে স্থান পোৱাটো সন্দেহাতীতভাৱে ৰাজ্যখনৰ বাবে সন্মান বর্ধক আৰু উদ্দীপক সংবাদ৷ কেইবছৰমানৰ আগতেই ডিজিটেল কেমেৰাৰ আগমন আৰু ব্যাপক প্রয়োগ আৰু সম্পাদনা কৰাৰ সহজ সুবিধাৰ বাবে ছবি নির্মাণ কৰিবলৈ বহুজন আগবাঢ়ি আহিছিল আৰু বহুকেইখন ছবি নির্মাণ হৈছিল৷ ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টার্ছ’ ছবিৰ অকল্পনীয় সফলতায়ো অসমত ‘ইণ্ডিপেণ্ডেণ্ট ছবি’ৰ প্রতি ছবি কৰিব বিচৰা লোকৰ আগ্রহ বঢ়াই তুলিছিল আৰু ছবি নির্মাণৰ সংখ্যাও বৃদ্ধি পাইছিল৷ ক’ৰোনাকালত ছবি নির্মাণ প্রক্রিয়া স্থবিৰ হৈ থাকিলেও বিগত কেইটামান বছৰত অসমত বহু ছবি নির্মাণ হৈছে আৰু সেই ছবিবোৰত পইচা বিনিয়োগ কৰা লোকসকলে পইচা ঘূৰাই পোৱাৰ পথো নিশ্চয় ঠিক কৰি থৈছে৷ কিন্তু ছবি নির্মাণ অকল পইচা বিনিয়োগ কৰা আৰু পইচা ওভতাই অনা ব্যৱসায় নহয়৷ ইয়াক সাধাৰণ ৰাইজে এটা সন্মানীয় কাম হিচাপেও বিবেচনা কৰে৷ অতি সাধাৰণ মানৰ চিনেমা, দক্ষিণ ভাৰতীয় ছবিৰ নকলকৰি নির্মাণ কৰা চিনেমা আদিকো অকল সাধাৰণ দর্শকেই নহয়, মহাবিদ্যালয়ৰ শিক্ষক আদিয়েও অতি গুৰুত্বসহকাৰে প্রশংসা কৰে আৰু ছবিবোৰৰ অভিনেতা–ভিনেত্রীক প্রায় দেৱতাৰ শাৰীত উপৱিষ্ট কৰায়৷ এই কথাবোৰে প্রমাণ কৰে আমাৰ সমাজত এতিয়াও চিনেমাৰ গুৰুত্ব কিমান আছে৷ কিন্তু তাৰ পিছতো দেখা যায় যে দর্শকৰ অভাৱত অসমীয়া ছবিৰ প্রদর্শন বন্ধ কৰি দিবলগীয়া হয়৷ মূল কথা হ’ল, অভিনেতা–ভিনেত্রীৰ প্রতি থকা আগ্রহক চিনেমাৰ প্রতি থকা আগ্রহ বুলি কোৱাটো ভুল আৰু কলেজৰ আটাইবোৰ শিক্ষককে চিনেমাৰ চমজদাৰ বুলি ভবাটোও ভুল কথা৷ আজিকালি মহাবিদ্যালয়ৰ পাঠ্যক্রমত চিনেমাৰ কথাও সন্নিৱিষ্ট কৰা হৈছে৷ কিন্তু যদি চিনেমাৰ প্রসংগত শিক্ষকসকলৰ সঠিক ধাৰণা নাথাকে, তেনে অৱস্থাত তেওঁলোকে ছাত্র–ছাত্রীসকলক কি শিকাব, সেই কথাত সন্দেহ ৰৈ যায়৷
ব্যৱসায়ৰ উদ্দেশ্যত নির্মাণ কৰা একোখন চিনেমাৰ প্রতি ৰাইজৰ কেনে মনোভাব থাকে, সেই কথা বক্স অফিচৰ সৰু খিৰিকীখনেই কৈ দিয়ে৷ কিন্তু চলচ্চিত্র মহোৎসৱক লক্ষ্য কৰি নির্মাণ কৰা চিনেমাবোৰ, যিবোৰে ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনে, অথচ দর্শকভাগ্য প্রায় শূন্য, সেইবোৰ চিনেমাৰ প্রতি চৰকাৰৰ একো দায়িত্ব নাই বুলি ক’ব নোৱাৰি৷ চৰকাৰে নিশ্চয় সেই চিত্রনির্মাতাসকলক ব্যক্তিগত বা ৰাজহুৱাভাৱে অভিনন্দন জনাইছে৷ চিনেমা সংক্রান্তীয় কামবোৰ কৰিবলৈ অসম চৰকাৰৰ জ্যোতি চিত্রবন আছে, চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম আছে৷ এই বিভাগ বা প্রতিষ্ঠানবোৰে ছবি নির্মাণত সহায় কৰাৰ কথা৷ যতীন বৰা অসম চলচ্চিত্র আৰু বিত্ত নিগমৰ অধ্যক্ষ হৈ থকা সময়ত অভিনেতাৰ জন্মদিন উপলক্ষে ব্যয়বহুল অনুষ্ঠান পাতিছিল, চলচ্চিত্র প্রতিযোগিতাৰ নামত জাকজমকীয়া উৎসৱ পাতিছিল৷ অকল ইমানেই নহয়, ৰাষ্ট্রীয় চলচ্চিত্র প্রতিযোগিতাত বঁটা পোৱা ছবি আৰু কলাকুশলীক নগদ ধনেৰে সন্মানিত কৰা হৈছিল৷ এইবোৰ নিশ্চয় চৰকাৰী সিদ্ধান্ত মতেই কৰা হৈছিল৷ কিন্তু পৰৱর্তী কালত আন কোনো অভিনেতাৰে জন্মদিন পতা নহ’ল আৰু আনকি ৰাষ্ট্রীয় বঁটা লাভ কৰা শিল্পীসকলক পূর্বৰ দৰে নগদ ধনেৰে সন্মানিত কৰা নহ’ল৷ এটা নিগমৰ অধ্যক্ষগৰাকীয়ে সকলো কাম নিজৰ মতলবত নিশ্চয় কৰিব নোৱাৰে, অন্ততঃ পইচা খৰচ কৰা কামটো নিজৰ মতেৰে কৰা প্রায় অসম্ভৱ৷ তেনেস্থলত ৰাষ্ট্রীয় বঁটা লাভ কৰা শিল্পীসকলক নগদ ধনেৰে উৎসাহিত কৰা কার্যটো কিয় বন্ধ হৈ গ’ল, সেই কথাৰ কোনো খবৰ নোলাল৷ নতুন চৰকাৰে এইবোৰ কথাৰ ভু–ভা লৈ চিনেমাক উৎসাহ দিয়া এটা সুস্থিৰ নীতি থিৰাং কৰিব আৰু সেইমতে আগবাঢ়ি যাব৷ কৰদাতা ৰাইজৰ পইচাৰে চিনেমাক উৎসাহ দিয়া কামটো কাৰোবাৰ মতলবত হওক, সেই কথাটোৰ সামৰণি পৰাটো ৰাজ্যখনৰ বাবেই মংগলদায়ক৷