নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ দুর্ভিক্ষৰ আগজাননীঃ খাদ্যৰ বাবে সন্তানক বিক্রী নিঃসহায় আফগানৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ এটুকুৰা ৰুটী বা এমুঠি অন্নৰ বাবে এতিয়া আফগানিস্তানত নিজ শিশুক বিক্রী কৰিবলগীয়া হৈছে বহু পৰিয়ালে৷ শেহতীয়াকৈ দেশখনৰ ৯৫ শতাংশ লোক খাদ্য সংকটত পৰিছে৷ তালিবান ক্ষমতালৈ অহাৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰিছে আফগানিস্তানত৷ কানাডাস্থিত সংস্থা ইণ্টাৰনেচনেল ফ’ৰাম ফৰ ৰাইটছ এণ্ড ছিকিউৰিটী (আইএফএফআৰএএছ)ৰ প্রতিবেদন অনুসৰি ৯৫ শতাংশ আফগান লোকৰ হাতত নাই প্রয়োজনীয় খাদ্য৷ নাইবা খাদ্য ক্রয় কৰাৰ সম্বলো নাই গৰিষ্ঠসংখ্যক লোকৰ৷

চলিত বর্ষৰ শীতৰ আৰম্ভণিতে অর্থাৎ এই মাহতে দেশখনৰ আধা জনসংখ্যা ভয়াৱহ দুর্ভিক্ষৰ কবলত পৰিব বুলি সংস্থাটোৱে প্রতিবেদনত উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে পুঁজিৰ অভাৱ আৰু খাদ্যসামগ্রীৰ নাটনিয়ে এতিয়া আফগানিস্তানত সৃষ্টি কৰিছে নতুন আতংক৷ ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থা তথা বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)ৰ তৰফৰ পৰাও আফগানিস্তানৰ পৰিস্থিতি অতি জটিল হৈ পৰা বুলি উল্লেখ কৰিছে৷ ডব্লিউ এফ পিৰ প্রতিবেদন অনুসৰি ভয়াৱহ খৰাং পৰিস্থিতি, যুদ্ধ–সংঘর্ষ, ক’ভিড–১৯ মহামাৰী আৰু অর্থনৈতিক সংকটৰ ফলত আফগান জনসাধাৰণৰ জীৱনলৈ নামি আহিছে বিপর্যয়৷

ইতিমধ্যে কেইবালাখো শিশু অপুষ্টিৰ সন্মুখীন হোৱা বুলি ডব্লিউ এফ পিয়ে সদৰী কৰিছে৷ বিশ্বৰ বিভিন্ন দেশে এনে দুর্যোগৰ সময়ত আফগানিস্তানক সহায় নকৰিলে দেশখনত মানৱীয় বিপর্যয় অব্যাহত থাকিব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

You might also like