নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানৰ সকলো বন্দৰ ঘেৰাও কৰিব চীনা সেনাই

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ মাও চে তুঙৰ ‘লং মার্চ’ৰ পিছত টাইৱানত আশ্রয় লৈছে বিধ্বস্ত কুউমিনটাং তথা চীনৰ জাতীয়তাবাদী দলৰ সমর্থকসকলে৷ তাৰ পিছৰ পৰা চিয়াংকাই শ্বেকৰ নেতৃত্বত নিজকে গঢ়ি তোলে এই দ্বীপ ৰাষ্ট্রখনে৷ তেতিয়াৰ পৰা টাইৱান দখলৰ বাবে চেষ্টা চলাই আহিছে ৰঙা চীনে৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ আমোলত টাইৱানবিৰোধী আগ্রাসন অধিক বৃদ্ধি পাইছে৷

শেহতীয়াকৈ চীনৰ আক্রমণৰ আশংকা কৰি টাইৱানৰ প্রতিৰক্ষা মন্ত্রালয়ে এক বিবৃতি প্রকাশ কৰিছে৷ এই বিবৃতিত উল্লেখ কৰা হৈছে যে দ্বীপ ৰাষ্ট্রখনৰ সামুদ্রিক বন্দৰ তথা বিমানবন্দৰবোৰ ঘেৰাও কৰিবলৈ সক্ষম চীনৰ সেনা৷ যদি চীনা বাহিনীয়ে এনেদৰে টাইৱানৰ বন্দৰবোৰ ঘেৰাও কৰে, তেন্তে দেশখনৰ বাবে সৃষ্টি হ’ব ভয়াৱহ পৰিস্থিতি৷ কাৰণ সামুদ্রিক বন্দৰ আৰু বিমানবন্দৰবোৰ চীনা সেনাই ঘেৰাও কৰিলে দেশখনৰ বাবে বিভিন্ন সা–সামগ্রী, অস্ত্র, দৰব আদি আমদানি কৰা কঠিন হৈ পৰিব৷ তেতিয়া টাইৱানৰ বাবে আত্মসমর্পণৰ বিকল্প পথ নাথাকিব৷

অৱশ্যে আজি এই বিবৃতি প্রকাশ পোৱাৰ পিছতো টাইৱানৰ ৰাষ্ট্রপতি ছাই ইং ৱেনে টাইৱানৰ স্বাধীনতা আৰু সার্বভৌমত্বক ৰক্ষা কৰা হ’ব বুলি ঘোষণা কৰিছে৷

You might also like