নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঁচনি ৰূপায়ণত সীতাৰমণৰ সহযোগিতা বিচাৰিলে ড০ শর্মাই

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ তিনিদিনীয়া ভ্রমণসূচীৰে দিল্লীত বাহৰ পতা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাৰ পাছত বুধবাৰে ৰাজ্যৰ বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্রত বিত্ত মন্ত্রালয়ৰ সহযোগিতা বিচাৰি কেন্দ্রীয় মন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰে৷ মুখ্যতঃ ৰাজ্য চৰকাৰে গ্রহণ কৰা তথা কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত হ’ব লগা আঁচনি ৰূপায়ণৰ ক্ষেত্রত বিত্ত মন্ত্রালয়ৰ সহযোগিতাৰ কামনাৰে বিত্তমন্ত্রীগৰাকীক সাক্ষাৎ কৰা মুখ্যমন্ত্রী ড০ শর্মাই নির্মলা সীতাৰমণক বিশ্ববেংকে অসমত ৰূপায়ণ কৰিব লগা কেইবাখনো আঁচনিৰ বিষয়ে অৱগত কৰে৷ একে সময়তে মুখ্যমন্ত্রীয়ে ৰাজ্যৰ আর্থিক অৱস্থাৰ বিষয়েও বিত্তমন্ত্রীগৰাকীক বিতংভাৱে তথ্য দাঙি ধৰে৷

ইয়াৰ পূর্বে  মুখ্যমন্ত্রীয়ে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক সাক্ষাৎ কৰি অসম মালা আৰু চলি থকা অন্যান্য প্রকল্পসমূহৰ অগ্রগতি সন্দর্ভত কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে৷ টুইটাৰযোগে এই সাক্ষাতৰ কথা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বন্যপ্রাণী সংৰক্ষণৰ বাবে প্রয়োজনীয় এলিভেটেড ৰাষ্ট্রীয় ঘাইপথ প্রকল্প সন্দর্ভতো গাডকাৰিৰ সৈতে আলোচনা কৰিছে৷ পথ পৰিবহণ মন্ত্রীগৰাকীয়ে এইক্ষেত্রত ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰা বুলিও  মুখ্যমন্ত্রীয়ে টুইটযোগে সদৰী কৰিছে৷

আনহাতে, মুখ্যমন্ত্রীয়ে  গ্রামোন্নয়ন মন্ত্রী গিৰিৰাজ সিঙকো সাক্ষাৎ কৰি প্রধানমন্ত্রী আৱাস যোজনাৰ ৭ লাখ গৃহ নির্মাণৰ আঁচনি ৰূপায়ণৰ বাবে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে আজি সংসদীয় পৰিক্রমা তথা কয়লা মন্ত্রী প্রহ্লাদ যোশীকো সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত অসমৰ বিভিন্ন ঠাইত কয়লা খনি স্থাপন কৰাৰ বিষয়টো মন্ত্রীগৰাকীৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ উল্লেখ্য যে সোমবাৰে দিল্লীলৈ অহা মুখ্যমন্ত্রীগৰাকীয়ে কালি প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ পূর্বেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য তথা সাৰ আৰু ৰসায়ন মন্ত্রী মনসুখ মাণ্ডাভিয়াকো সাক্ষাৎ কৰি সংশ্লিষ্ট বিভাগৰ বিভিন্ন বিষয়ত আলোচনাত মিলিত হৈছিল৷ ইয়াৰ উপৰি মঙলবাৰে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকো মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰিছিল৷

You might also like