নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব আফগানিস্তানৰ ভূমি

ভাৰতসহ ৮ ৰাষ্ট্রৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাৰ বৈঠকত ঘোষণাপত্র

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ তালিবানশাসিত আফগানিস্তানৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত নতুন দিল্লীত ভাৰতসহ ৮ ৰাষ্ট্রৰ নিৰাপত্তা ৰাষ্ট্রীয় উপদেষ্টা বৈঠক অনুষ্ঠিত হয়৷ ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আঁত ধৰা এই বৈঠকত আফগানিস্তান সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ ৰাছিয়া, ইৰান, কাজাখস্তান, কির্গিস্তান, তাজিকিস্তান, তুর্কেমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাই অংশ লোৱা নতুন দিল্লীত অনুষ্ঠিত হোৱা আফগানিস্তানৰ পৰিস্থিতিক লৈ বৈঠকত আফগানিস্তানৰ ভূমি সন্ত্রাসবাদীৰ কার্যকলাপ কিম্বা সন্ত্রাসবাদৰ কাৰণে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা পত্র গৃহীত কৰে৷ বৈঠকৰ অন্তত যুটীয়াভাৱে প্রচাৰ কৰা ঘোষণা পত্র অনুসৰি আফগানিস্তানত সন্ত্রাসবাদ লালন–পালন, সন্ত্রাসবাদীক পুঁজি যোগানকে ধৰি বিভিন্ন বিষয়ত দেশকেইখন সহমতত উপনীত হয়৷ পাকিস্তানৰ নাম নোলোৱাকৈ বৈঠকত আফগানিস্তান চৰকাৰ পৰিচালনাত পাকিস্তানক হস্তক্ষেপ নকৰিলৈ আহ্বান জনায়৷

তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনৰ জনতাই যি হাহাকাৰ পৰিৱেশৰ সন্মুখীন হৈছে তাক লৈ বৈঠকত গভীৰ উদ্বিগ্ণতা প্রকাশ কৰি সংকটত পৰা আফগান লোকক মানৱীয় সাহায্য প্রদানত গুৰুত্ব আৰোপ কৰা হয়৷ আফগানিস্তানত শিশু আৰু মহিলাৰ অধিকাৰ যাতে খর্ব নহয় তাৰ বাবে আঠ ৰাষ্ট্রই বৈঠকযোগে শাসকক আহ্বান জনায়৷ উল্লেখ্য যে এই বৈঠকলৈ পাকিস্তান আৰু চীনক আমন্ত্রণ জনোৱা হৈছিল যদিও দুয়োখন দেশে ভাৰতৰ আমন্ত্রণ গ্রহণ নকৰিলে৷ এই বৈঠকতেই ২০২২ চনত পুনৰ দেশকেইখনৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাসকল বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ মন কৰিবলগীয়া যে আজি নতুন দিল্লীত এই বৈঠক আয়োজন কৰাৰ পূর্বে ২০১৮ আৰু ২০১৯ত এনে বৈঠক ইৰানত অনুষ্ঠিত হৈছিল৷

You might also like