নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম মইনা পাৰিজাতৰ চিত্ৰাংকণ প্ৰতিযোগিতাত উজ্বলিল ছয়গাওঁ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী শ্বেখ উমৰাওজান

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ  সদৌ অসম মইনা পাৰিজাতৰ চিত্ৰাংকণ প্ৰতিযোগিতাত উজ্বলিল ছয়গাওঁ গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী শ্বেখ উমৰাওজান৷

আনন্দত উৎফল্লিত শিক্ষক-শিক্ষাৰ্থী তথা ছয়গাঁও সমষ্টিৰ গৰৈমাৰী অঞ্চল ৷

শিশু দিৱস উপলক্ষে গুৱাহাটীৰ সৰুসজাইত সদৌ অসম মইনা পাৰিজাতৰ উদ্যোগত আৰু গুৱাহাটী জিলা পাৰিজাতৰ সহযোগত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হয় চিত্ৰাংকণ প্ৰতিযোগিতা৷

চিত্ৰাংকণ প্ৰতিযোগিতাত মইনা আৰু চেমনীয়া সকলে মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷

শিশু দিৱস উপলক্ষে আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাত ছয়গাঁও সমষ্টিৰ গৰৈমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ কণমানি ছাত্ৰী শ্বেখ উমৰাওজানে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়৷

কণমানি ছাত্ৰী শ্বেখ উমৰাওজান গৰৈমাৰীৰ লুইতপৰীয়া মইনা পাৰিজাত টুক্ৰাপাৰা শাখাৰ পৰা অংশগ্ৰহণ কৰিছিল৷

কণমানি ছাত্ৰী উমৰাওজানে ব্ৰহ্মপুত্ৰ ভেলী একাডেমিখনৰ নাম উজ্বলাই অনাত সম্প্ৰতি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত৷ আনন্দিত হৈছে একাডেমিৰ শিক্ষক- শিক্ষাৰ্থী তথা গৰৈমাৰী অঞ্চল ৷

You might also like